ETV Bharat / state

Award ceremony: কাকপথাৰত বেংমৰা সমন্বয় বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 1:29 PM IST

Bengmara Coordination Award presented at Kakpathar
কাকপথাৰত বেংমৰা সমন্বয় বঁটা প্ৰদান

কাকপথাৰ ডিৰাকত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু 'বেংমৰা সমন্বয় বঁটা' ২০২৩ প্ৰদান ৷ 'বেংমৰা সমন্বয় বঁটা' ২০২৩ প্ৰদান অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চৌওনা মেইনক ৷

কাকপথাৰত বেংমৰা সমন্বয় বঁটা প্ৰদান

তিনিচুকীয়া,২৯ অক্টোবৰ : ৰাজ্যৰ এটা অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মটক জনগোষ্ঠী ৷ মটক জনগোষ্ঠীৰ অন্যতম এটা জাতীয় সংগঠন সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু এই সংগঠনটোৱে ইতিমধ্যে ৮৩ টা বৰ্ষ সম্পূৰ্ণ কৰিছে ৷ গতিকে ইয়াৰ লগত সংগতি ৰাখি ঐতিহাসিক বেংমৰা তথা বৰ্তমান তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাকত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে সংগঠনটোৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত তথা ডিৰাক, কাকপথাৰ, ডুমডুমা, কৈলাসপুৰ, আঞ্চলিক, বুঢ়িদিহিং আঞ্চলিক সমিতিৰ সহযোগত আৰু বৃহত্তৰ ডিৰাক-কাকপথাৰবাসী ৰাইজৰ আতিথ্যত ১ নং সৰু ডিৰাক ৰাজহুৱা খেলপথাৰৰ ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসতে সংগঠনটোৱে প্ৰদান কৰে 'বেংমৰা সমন্বয় বঁটা' ২০২৩ ।

শনিবাৰে সন্ধিয়া অনুষ্ঠিত কৰা মুকলি সভাত বঁটাটো প্ৰদান কৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌওনা মেইনক ৷ শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ আয়োজন কৰা সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিতে সংঠনটোৰ ৮৩ বৰ্ষ উপলক্ষে ৮৩ খন পতাকা উত্তোলন কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ নবীন-প্ৰবীন বিষয়ববীয়াসকলৰ লগতে বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া আৰু আমন্ত্ৰিত গণ্যমান্য ব্যক্তিয়ে ।

পতাকা উত্তোলনৰ পাচতে স্মৃতি তৰ্পনৰ পাচতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌওনা মেইন, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, মটক ৰাজবংশী উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই ডাঙৰীয়া, সাধাৰণ সম্পাদক স্বৰূপ গোহাঁইকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: Lok Sova Election 2024 : টিংখাঙত বিজেপিত খহনীয়া, AJP ত যোগদান শতাধিক লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.