ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Dec 14, 2020, 7:23 PM IST

attsa protest at tinsukia
তিনিচুকীয়াত জনজাতিকৰণৰ দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

আগন্তুক বিধান সভা নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰি জনজাতিকৰণ কৰা, মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

তিনিচুকীয়া,14 ডিচেম্বৰ : জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ নিৰ্বাচনৰ আগতে আদিবাসী সকলক জনজাতিকৰণ কৰা,মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰা আদি দাবী সমূহ পূৰণৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

attsa protest at tinsukia
তিনিচুকীয়াত জনজাতিকৰণৰ দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰায় পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আদিবাসী সকলৰ সাজ-পাৰ পৰিধান কৰি সাংস্কৃতিক বাদ্যযন্ত্ৰৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতো যদি কোনো ইতিবাচক সঁহাৰি প্ৰদান নকৰে তেন্তে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।

attsa protest at tinsukia
তিনিচুকীয়াত জনজাতিকৰণৰ দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়ক:শ্বহীদ গান্ধী মুণ্ডাৰ নামত পথ উদ্বোধন বিধায়ক দুৰ্গা ভূমিজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.