ETV Bharat / state

Education Department appointment scam: অসমৰ বিদ্যালয়ত বহিঃ ৰাজ্যৰ যুৱকক নিযুক্তি !

author img

By

Published : Feb 18, 2022, 5:04 PM IST

এইবাৰ বহিঃ ৰাজ্যৰ যুৱকক অসমৰ বিদ্যালয়ত নিযুক্তি দিলে শিক্ষা বিভাগে (Education department appoints youth from other states)। শিক্ষা বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । বিষয়টো তদন্তৰ বাবে শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ সংগঠনটোৰ ।

Education dept
ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিঃ ৰাজ্যৰ যুৱকক নিযুক্তি

তিনিচুকীয়া,১৮ ফেব্ৰুৱাৰী : ৰাজ্যত নতুন নিযুক্তিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ১ লাখ নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এতিয়ালৈ নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াব পৰা নাই । যাৰ বাবে বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি নেতৃত্বধীন চৰকাৰ । কিন্তু ইয়াৰ মাজতে চৰকাৰৰ শিক্ষা বিভাগৰ আজৱ কাণ্ড ।

শিক্ষা বিভাগে নিযুক্তি দিলে বহিঃ ৰাজ্যৰ যুৱকক (Education department appoints youth from other states)। কেৱল এয়াই নহয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত ৬ জনকৈ বহিঃ ৰাজ্যৰ যুৱকক নিযুক্তি দিয়াৰ অভিযোগ উঠিছে । তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দুখনকৈ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃ ৰাজ্যৰ যুৱকক নিযুক্তি প্ৰদান কৰাৰ অভিযোগ উঠিছে শিক্ষা বিভাগৰ বিৰুদ্ধে ।

ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিঃ ৰাজ্যৰ যুৱকক নিযুক্তি

যোৱা ১৮ জানুৱাৰী তাৰিখে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দুজন যুৱক ক্ৰমে সন্দীপ চন্দাৰ আৰু কৃষ্ণন কুমাৰে শিক্ষকতাৰ চাকৰিত যোগদানৰ বাবে তিনিচুকীয়ালৈ আহিছিল । হাৰিয়ানাৰ সন্দীপ চন্দাৰ নামৰ যুৱকজনে কাকপথাৰৰ ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ত আৰু কৃষ্ণন কুমাৰে কাচিজান প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰিছে ।

ইফালে অৱসৰ লাভ কৰা গোবিন বৰা নামৰ শিক্ষকজনৰ খালী পদটোৰ বিপৰীতে তিনিচুকীয়াৰ দুজনৰ লগতে অন্য চাৰি বহিঃ ৰাজ্যৰ যুৱকে ডিব্ৰুগড়, শোণিতপুৰ আৰু যোৰহাট জিলাত নিযুক্তি লাভ কৰিছে । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । বিষয়টো সন্দৰ্ভত ইতিমধ্যে তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে ।

স্মাৰক পত্ৰৰ জৰিয়তে সমগ্র ঘটনাৰ সঠিক তদন্তৰ দাবী জনোৱাৰ লগতে কেনেদৰে এটা পদৰ বিপৰীতে ছয়জনকৈ বহিঃ ৰাজ্যৰ যুৱকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিযুক্তি লাভ কৰিলে বুলিও প্ৰশ্ন কৰিলে সংগঠনটোৱে ।

লগতে পঢ়ক :চাৰি দফীয়া দাবীক লৈ পানীযোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.