ETV Bharat / state

সৰ্বভাৰতীয় পৰ্যায়ত 18 নং স্থান লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে অংকিতা ফুকনে

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 10:17 PM IST

Geological Survey of India exam: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ তিনিচুকীয়াৰ জীয়াৰী অংকিতা ফুকন ৷ ইউ পি এছ চিৰ অধীনত অনুষ্ঠিত ভাৰতৰ ভূ-তাত্ত্বিক জৰীপ সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে 18 নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে ফুকনে ৷

Ankita Phukan succeeds in Geological Survey of India exam
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ তিনিচুকীয়াৰ জীয়ৰী অংকিতা ফুকন

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ তিনিচুকীয়াৰ জীয়ৰী অংকিতা ফুকন

তিনিচুকীয়া, 13 জানুৱাৰী : ভাৰত সকলোতকৈ কঠিন পৰীক্ষাৰ ভিতৰত অন্যতম কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চি ৷ শেহতীয়াকৈ ইউ পি এছ চিৰ অধীনত আয়োজন কৰা ভাৰতৰ ভূ-তাত্ত্বিক জৰীপ সেৱা পৰীক্ষাত উজলিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী মেধাবী ছাত্ৰী ৷ আজি ঘোষণা কৰা ভাৰতৰ ভূ-তাত্ত্বিক জৰীপ সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে 18 নং স্থান পাবলৈ সক্ষম হৈছে তিনিচুকীয়াৰা যুৱতী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী অংকিতা ফুকনে ৷

তিনিচুকীয়াৰ বৰদলৈ নগৰ নিবাসী শিশীৰ ফুকন আৰু ৰজীতা ফুকনৰ কন্যা অংকিতা ৷ উল্লেখ্য যে, পিতৃৰ চাকৰি সূত্ৰে শিলচৰৰ মহৰ্ষি বিদ্যামন্দিৰত স্কুলীয়া শিক্ষাৰ পাতনি মেলা অংকিতা ফুকনে পৰৱৰ্তী সময়ত তিনিচুকীয়া ইংলিচ একাডেমিৰ পৰা দশম আৰু বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সাং কৰিছিল ৷ তাৰ পাছত কটন বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ত্ব বিষয়ত স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এপ্লাইড জিঅ’লজি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে মেধাবী ছাত্ৰীগৰাকীয়ে ৷ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছে ৷

আনহাতে, জীয়াৰীৰ সফলতাত উৎফুল্লিত পিতৃ-মাতৃ ৷ জীয়াৰীৰ সফলতাৰ কথা উল্লেখ কৰি সাংবাদিকৰ আগত পিতৃ শিশীৰ ফুকনে কয়, ‘‘ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমি যিখিনি ব্যৱস্থা কৰি দিছিলো সেয়াই সঠিক ব্যৱহাৰ কৰি গৈছিল তাই ৷ যথেষ্ট কষ্টৰ বিনিময়ত এই সফলতা লাভ কৰিছে ৷ ইয়াৰ বাবে আমিও সুখী ৷ তিনিচুকীয়াবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবে এই সফলতা লাভ কৰিলে ৷’’

মাতৃ ৰজীতা ফুকনে কয়,‘‘ এয়া তাইৰ কষ্ট আৰু চেষ্টাৰ ফল ৷ কোনো দিনে আমি তাইক পঢ়িবলৈ ক’ব লগা হোৱা নাছিল ৷ সৰুৰ পৰাই তাই পঢ়াৰ প্ৰতি ধাউতি আছিল ৷’’

লগতে পঢ়ক :গুণোৎসৱ কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.