ETV Bharat / state

Cattle Smuggling in Tinsukia: তিনিচুকীয়াৰ পৰা বাংলাদেশলৈ প্ৰতিদিনে গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগ

author img

By

Published : Jul 13, 2023, 1:33 PM IST

Cattle smuggling to Bangladesh from Tinsukia
গৰুৰ চোৰাং সৰবৰাহ

তিনিচুকীয়াৰ মাকুম, চাবুৱা, সোণাপুৰ, যোৰাবাট আদি অঞ্চলত আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰু ভৰ্তি কেইবাখনো কন্টেইনাৰ ট্ৰাক ৷ তিনিচুকীয়া জিলাৰ‌ অসম- অৰুণাচল সীমান্তৰ পৰাই গৰু ছিণ্ডিকেটৰ বৃহৎ বজাৰখন নিয়ন্ত্ৰণ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ৷

বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগ

তিনিচুকীয়া, 13 জুলাই : শেহতীয়াকৈ ৰাজ্যত মূৰ দাঙি উঠা গৰুৰ চোৰাং ব্যৱসায়ৰ মূল অভিকেন্দ্ৰ স্বৰূপ হৈ পৰিছে তিনিচুকীয়া জিলা ৷ তিনিচুকীয়া জিলাৰ‌ অসম- অৰুণাচল সীমান্তৰ পৰাই গৰু ছিণ্ডিকেটৰ বৃহৎ বজাৰখন নিয়ন্ত্ৰণ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ৷ অসম-অৰুণাচল সীমান্তৰ পৰা বাংলাদেশলৈকে বিস্তাৰিত হৈ থকা গৰুৰ চোৰাং ছিণ্ডিকেটৰ আঁৰত এটা প্ৰভাৱশালী ৰাজনৈতিক চক্ৰৰ আশীৰ্বাদ থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

শেহতীয়াকৈ তিনিচুকীয়াৰ মাকুম, চাবুৱা, সোণাপুৰ, যোৰাবাট আদি অঞ্চলত আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰু ভৰ্তি কেইবাখনো কন্টেইনাৰ ট্ৰাক ৷ জব্দ কৰিছে আৰক্ষীৰ চকুত ধূলি মাৰি চোৰাং গৰু সোমোৱাই নিয়া টেংকাৰো ৷ কিন্তু শাসকীয় চৰকাৰখনে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰাৰ পাছতো এতিয়া কাৰ ছত্ৰছায়াত নিত্য নতুন কৌশলেৰে ৰাজ্যত গৰুৰ চোৰাং ব্যৱসায় অব্যাহত আছে ? এই অবৈধ ব্যৱসায়ৰ মূল অভিকেন্দ্ৰ ক'ত ? এই সন্দৰ্ভত ৰাইজৰ সন্দেহৰ সৃষ্টি হোৱাৰ লগতে উত্থাপন হৈছে কেতবোৰ গুৰুতৰ অভিযোগ ৷

অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ বৰডুমচাত অৱস্থিত এখন গৰু বজাৰ ৷ আৰু এই বজাৰ খনৰ পৰাই বাংলাদেশ পৰ্যন্ত শিপাই আছে গৰুৰ চোৰাং ব্যৱসায়ৰ এক বৃহৎ ছিণ্ডিকেট চক্ৰ ৷ উল্লেখযোগ্য যে, বৰডুমচাৰ গৰু বজাৰখনৰ ওপৰত আছে শাসকীয় বিজেপিৰ এজন স্থানীয় নেতাৰ আশীৰ্বাদ ৷ এই সমগ্ৰ তথ্য তথা অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণে ৷ মৰাণে জানিব দিয়া অনুসৰি, যেতিয়াই গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী সক্ৰিয় হৈ পৰে তেতিয়াই বৰডুমচা বজাৰৰ গৰু কঠালগুৰি, অৰুণাচলৰ ৰাজা নগৰ, মহং আৰু ডিৰাকৰ দিহিঙৰ পাৰলৈ স্থানান্তৰ কৰা হয় ৷ তাৰ পৰাই বিভিন্ন পক্ষক হাত কৰি তিনিচুকীয়া জিলাৰ 3\4 খন থানা অতিক্ৰমি মেঘালয়লৈ সৰবৰাহ কৰা হয় চোৰাং গৰু ৷ এই ক্ষেত্ৰত গৰু সৰবৰাহ কৰা বাহনৰ আগে-পিছে যায় একাংশ বগা চোলা পৰিহিত আৰু অস্ত্ৰ এৰি অহা লোকৰ বিলাসী বাহন ৷

এনেদৰে চোৰাং গৰু সৰবৰাহত এই সুদীৰ্ঘ পথ ছোৱাত অৱলম্বন কৰা হয় বিভিন্ন কৌশল ৷ যদিও গৰু চোৰাং ভাৱে মেঘালয়লৈ নিয়া বুলি কোৱা হয়; দৰাচলতে এই অবৈধ ব্যৱসায়ৰ মূল লক্ষ্যই হৈছে বাংলাদেশ ৷ মেঘালয়ৰ পৰা ডাউকী হৈ বাংলাদেশলৈ চোৰাং ভাৱে সৰবৰাহ হয় অসমৰ গো ধন ৷ এই অবৈধ ব্যৱসায়ৰ আঁৰৰ মাষ্টাৰ মাইণ্ড সকল আজি পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই ৷ কেৱল পুঠি-খলিহনা ধৰিয়েই দায়িত্ব সামৰিছে অসম আৰক্ষীয়ে ৷ গতিকে এই ছিণ্ডিকেট চক্ৰৰ ওপৰত যে ৰজাঘৰীয়াৰ আশীৰ্বাদ আছে সেয়া স্পষ্ট হৈ পৰিছে বুলি অভিযোগ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক উমানন্দ মুদৈ মৰাণে ৷

লগতে পঢ়ক: Rail Official Arrested: লামডিঙত ৰে’লৱে ভিজিলেঞ্চৰ অভিযান; হাতে-লোটে আটক ৰে’লৱে কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.