ETV Bharat / state

ভোগালীৰ প্ৰাকক্ষণত তিনিচুকীয়াত গঢ়ি লৈ উঠিছে পিঠাপনাৰ এখন বিশেষ বজাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:34 PM IST

Special women's market in Tinsukia : ভোগালী বিহুৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ জি এন বি পথৰ কাষত গঢ় লৈ উঠিছে মহিলাৰ এখন বিশেষ বজাৰ ৷ চিৰা, তিলপিঠা, কাঠআলু, মিঠাআলু, কোমল চাউলকে আদি কৰি সকলো ধৰণৰ অসমীয়া জলপান উপলব্ধ হৈছে বজাৰখনত ৷

A special market for Pitha in Tinsukia
ভোগালীৰ প্ৰাকক্ষণত তিনিচুকীয়াত গঢ়ি লৈ উঠিছে পিঠাপনাৰ এখন বিশেষ বজাৰ

ভোগালীৰ প্ৰাকক্ষণত তিনিচুকীয়াত গঢ়ি লৈ উঠিছে পিঠাপনাৰ এখন বিশেষ বজাৰ

তিনিচুকীয়া, 11 জানুৱাৰী : পদুলিমুখত হেঁপাহৰ ভোগৰ উৎসৱ ভোগালী বা মাঘ বিহু ৷ ইতিমধ্যে হেঁপাহৰ ভোগালীক আদৰিবলৈ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ ব্যস্ততা বাঢ়িছে ডেকা-গাভৰুৰ ৷ গাঁৱৰ ডেকা-গাভৰুৱে মিলি যদি মেজিৰ বাবে ধানৰ নৰা বা খৰি কটাত ব্যস্ত আনফালে বৰা, জহা চাউল গোটোৱাত ব্যস্ত গাঁৱৰ মহিলাসকল ৷ মুঠৰ ওপৰত ৰাজ্যবাসীৰ মাজত ভোগালীক লৈ আনন্দমুখৰ পৰিৱেশ ৷

আনহাতে পৰম্পৰাগত পিঠা-পনা, জলপান প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিছে ৰাজ্যৰ একাংশ লোকে ৷ তিনিচুকীয়াতো ভোগালীৰ প্ৰাকক্ষণত গঢ়ি উঠিছে এখন মহিলাৰ বিশেষ বজাৰ ৷ বাণিজ্যিক চহৰখনৰ কাষৰীয়া গাঁৱসমূহৰ মহিলাসকলে ঘৰতে নিজ হাতে ভোগালীৰ জলপান প্ৰস্তুত কৰি লৈ আহিছে বজাৰলৈ ৷ তিনিচুকীয়াৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলিৰ সমীপৰ জি এন বি পথৰ কাষত অৰ্ধশতাধিক মহিলাই চহৰখনৰ লগতে বিভিন্ন প্ৰান্তৰ লোকসকলক ভোগালীৰ প্ৰকৃত সোৱাদ লোৱাৰ সুবিধা কৰি দিছে ৷

চিৰা, তিলপিঠা, সকলো প্ৰকাৰৰ লাড়ু, কাঠআলু, মিঠাআলু, কোমল চাউল, বৰপিঠাকে আদি কৰি সকলো ধৰণৰ জলপান তথা পিঠা উপলব্ধ হৈছে তিনিদিনৰ বাবে গঢ়ি উঠা মহিলাৰ বিশেষ বজাৰখনত ৷ আনহাতে বিগত বৰ্ষতকৈ পিঠাসমূহৰ কিছু দাম বাঢ়িছে যদিও অন্য প্ৰতিষ্ঠান কিম্বা ঠাইতকৈ বজাৰখনত কম মূল্যত গ্ৰাহকসকলে পিঠা বা অন্যান্য জলপান লাভ কৰিব বুলিও জানিবলৈ দিয়ে মহিলাসকলে ৷

ইফালে তিনিচুকীয়াৰ জি এন বি পথৰ কাষত গঢ় লৈ উঠা মহিলাৰ বিশেষ বজাৰখনত গ্ৰাহকৰো ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷ কোনোৱে যদি তিলপিঠা, চুঙাপিঠা ক্ৰয় কৰিছে আন কোনোবা আকৌ সান্দহগুৰি, চিৰা আৰু মুৰি ক্ৰয় কৰাত ব্যস্ত ৷

লগতে পঢ়ক : নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ: অজান আশংকাত পৰেশ বৰুৱাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.