ETV Bharat / state

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গেছ পৰিবাহী পাইপত অগ্নিকাণ্ড

author img

By

Published : Aug 21, 2021, 10:52 PM IST

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ঘাইপথৰ কাষত থকা অইল ইণ্ডিয়া লিমিটেডৰ গেছ পৰিবাহী পাইপত শনিবাৰে এক অগ্নিকাণ্ড সংঘটিত হয় ৷

a fire broke  out in gas conducting pipe in digboi
দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গেছ পৰিবাহী পাইপত অগ্নিকাণ্ড

তিনিচুকীয়া, 21 আগষ্ট : শনিবাৰে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ঘাইপথৰ কাষত থকা অইল ইণ্ডিয়া লিমিটেড(oil india limited)ৰ গেছ পৰিবাহী পাইপত এক অগ্নিকাণ্ড সংঘটিত হয় ৷ জানিব পৰা মতে পথটোৰ দুয়োকাষে থকা গেছ পৰিবাহী পাইপতে সংঘটিত হয় অগ্নিকাণ্ডটো ৷

গেছ পৰিবাহী পাইপত অগ্নি সূত্ৰপাত হোৱাৰ পাচতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৰ জনবসতি অঞ্চলসমূহত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷ এই অগ্নকাণ্ড সংঘটিত হোৱাৰ পাচতে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে যোৱা ডিগবৈ-দুলিয়াজান সংযোগী পথটোৰ যাতায়ত স্তব্ধ হৈ পৰে ৷ অগ্নিকাণ্ডত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গেছ পৰিবাহী পাইপত অগ্নিকাণ্ড

লগতে পঢ়ক: সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সোচ্চাৰ থাওৰাৰ কংগ্ৰেছ নেতৃত্ব

স্থানীয় লোকে সদৰি কৰা মতে, ঘটনাস্থলীত তাৎক্ষণিকভাৱে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগতে নিৰাপত্তাৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় ৷ কি কাৰণত এই অগ্নিকাণ্ড সূত্ৰপাত হ'ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই ৷

ইফালে, বিয়লী ভাগলে অগ্নিনিৰ্বাপক বাহিনীৰ নেৰানেপৰা প্ৰচেষ্টাত গেছ পৰিবাহী পাইপৰ জুই নুমাবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: বিপদ ঘন্টা বাজিছে social media ত তালিবানৰ সমৰ্থন কৰা সকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.