ETV Bharat / state

সুদীৰ্ঘ বছৰে উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল

author img

By

Published : Jun 8, 2020, 7:28 PM IST

Updated : Jun 8, 2020, 9:45 PM IST

pathetic condition of a area in south salmara constituency
pathetic condition of a area in south salmara constituency

দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ উত্তৰ পাৰৰ,বৃহত্তৰ বাহিৰ শালমাৰা জিলা পৰিষদ সমষ্টিৰ ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত আজি পৰ্যন্ত নাই যাতায়াত কিম্বা শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত সুব্যৱস্থা ৷

ধুুবুৰী, 8 জুনঃ উন্নয়নৰ বিপৰীত মেৰুত অৱস্থান কৰা এটা বৃহত্তৰ অঞ্চল | যি অঞ্চলৰ ৰাইজে স্বাধীনতাৰ পিচৰে পৰাই দেখা নাই উন্নয়নৰ মুখ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, জনপ্ৰতিনিধিয়ে কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই উন্নয়নৰ নামত কৰি আহিছে প্ৰৱঞ্চনাৰ ৰাজনীতি ৷ যাতায়ত,শিক্ষা,স্বাস্থ্য আদি চৌদিশৰ পৰাই এই অঞ্চলটোৰ ৰাইজে ভুগি আহিছে যমৰ যাতনা ৷ এফালে যদি অঞ্চলোটোক ব্ৰহ্মপুত্ৰ আৰু টিপকাই নৈৰ গৰাখহনীয়াই এফালৰ পৰা গ্ৰাস কৰি গৈছে,আনফালে আকৌ যাতায়াতৰ নামত ভোগ কৰিছে কেৱল নৰক যন্ত্ৰণা ৷ দক্ষিণ শালমাৰা বিধানভা সমষ্টিৰ উত্তৰ পাৰৰ,বৃহত্তৰ বাহিৰ শালমাৰা জিলা পৰিষদ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ দৃশ্য ৷

বটপথৰো নাই সুচল ব্যৱস্থা
বটপথৰো নাই সুচল ব্যৱস্থা

কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়েই হওক বা সাংসদ বদৰুদ্দিন আজমলেই হওক ৷ আজিলৈ উন্নয়ৰ পোহৰ নপৰিল এই অঞ্চলত ৷ ৰাইজৰ অভিযোগ,বাৰ বছৰ সাংসদ হৈ থকা বদৰুদ্দিন আজমলেও নকৰিলে উন্নয়নৰ চিন্তা ৷ একদৰে ব্ৰহ্মপুত্ৰ আৰু টিপকাই নৈৰ গৰাখহনীয়াত সৰ্বস্বান্ত জনগণে আজিও নাপালে পুনৰসংস্থাপন ৷ আনহাতে সমষ্টিটোৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ কোনো এটা বাটপথেই যাতায়াতৰ বাবে সুচল নহয় ৷ বাহিৰ শালমাৰা জিলা পৰিষদ সমষ্টিৰ বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলৰ এয়া বাস্তৱ ছবি ৷ দুই এক স্থানত কেৱল উন্নয়নৰ নাম ফলক আছে যদিও আজিলৈকে পৰা নাই এপাচি মাটিও ৷

সুদীৰ্ঘ বছৰে উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল

ক্ষোভিত ৰাইজে এতিয়া বিচাৰিছে নতুন প্ৰতিনিধি ৷ বিধায়ক হিচাপে নালাগে তেওঁলোকক ৱাজেদ আলী চৌধুৰীক ৷ একেদৰে সাংসদ হিচাপেও বিচৰা নাই বদৰুদ্দিন আজমলক ৷ বিচাৰিছে পৰিৱৰ্তন অপেক্ষা মাথোন ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ ৷

বটপথৰো নাই সুচল ব্যৱস্থা
ব্ৰহ্মপুত্ৰ আৰু টিপকাই নৈৰ গৰাখহনীয়াই এফালৰ পৰা গ্ৰাস কৰি গৈছে অঞ্চলটো

লগতে পঢ়কঃ উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

Last Updated :Jun 8, 2020, 9:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.