ETV Bharat / state

Youths from Assam join Al Qaeda : 'আল-কায়দাৰ সৈতে যোগসূত্ৰ আছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ'-পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:20 PM IST

শেহতীয়াকৈ প্ৰকাশ পোৱা NIAৰ তথ্য অনুসৰি তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু অসমৰ যুৱকক অনলাইনৰ জৰিয়তে আল-কায়দাই আকৰ্ষণৰ চেষ্টা কৰিছে । আল-কায়দাত যোগদানৰ বিষয়ত পীযুষ হাজৰীকাই অভিযোগ কৰে যে এই সংগঠনৰ সৈতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সম্পৰ্ক আছে ।

Youths from Assam join Al Qaeda
আল-কায়দাৰ সৈতে যোগসূত্ৰ আছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ

তেজপুৰ, ১৪ ছেপ্টেম্বৰ : অসমসহ ৫ ৰাজ্যৰ যুৱকৰ আল-কায়দাত যোগদানৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । NIA-ই ফাদিল কৰিছে এই বিস্ফোৰক তথ্য । তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু অসমৰ যুৱকক অনলাইনৰ জৰিয়তে লক্ষ্য কৰি লৈছে এই নিষিদ্ধ সংগঠনে । এক গোপন এপৰ জৰিয়তে যুৱকক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । তেহৰিক-ই-তালিবান আৰু আল-কায়দাই যুৱ প্ৰজন্মক প্ৰৰোচনাৰ চেষ্টা কৰিছে । বৰ্তমান পাক-আফগানিস্তান সীমান্তত সক্ৰিয় হৈ আছে এই দুয়োটা সংগঠন ।

NIAৰ হাতত পৰিছে আল-কায়দাৰ গোপন অভিসন্ধিৰ তথ্য । এই সন্দৰ্ভত NIA-ই এটিএছক এলাৰ্ট জাৰি কৰিছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে ই এক ভয়ংকৰ তথ্য আৰু ইয়াৰ বাবে সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন । তেওঁ লগতে ভয়ংকৰ অভিযোগ উত্থাপন কৰি কয় যে এই সংগঠনৰ লগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যোগসূত্ৰ আছে কাৰণ আল-কায়দা বা বাংলাদেশী মোজাহিদীন সংগঠনক সহায় কৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লোকে । এই সংগঠনৰ লোকক গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ জপিয়াই পৰে বুলিও পীযুষ হাজৰীকাই অভিযোগ কৰে ।

শাসকীয় চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এনে মন্তব্যৰ পাছতে বিৰোধী ক্ষোভিত হৈ পৰিছে । পীযুষ হাজৰীকাৰ এই মন্তব্যৰ পাছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ভাৰতৰ অখণ্ডতাক লৈ কোনো ৰাজনীতি হ'ব নালাগে ,দোষীয়ে শাস্তি পাব লাগিব বুলি মন্তব্য কৰে । তেওঁ কয় যে এই ক্ষেত্ৰত কোনো ৰাজনৈতিক দলক আক্ৰমণ কৰিব নালাগে ।

উল্লেখ্য যে এই স্পৰ্শকাতৰ খবৰৰ পাছতে শাসক আৰু বিৰোধীয়ে স্থিতি স্পষ্ট কৰিছে যদিও ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে । আল-কায়দাক অধিক গুৰুতৰ আন্তঃৰাষ্ট্ৰীয় ভাবুকি সৃষ্টি কৰা সন্ত্ৰাসবাদী গোট হিচাপে দেখা যায় কাৰণ ইয়াৰ অতি অভিজ্ঞ বোমা নিৰ্মাতা আৰু আৰ্থিক, লজিষ্টিক আৰু মতাদৰ্শগত সমৰ্থনৰ দীৰ্ঘদিনীয়া আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক আছে ।

যদিও ২০০১ চনত আফগানিস্তানত আমেৰিকাৰ আক্ৰমণৰ পাছত ওচামা বিন লাডেনৰ নেতৃত্বত গঠিত সন্ত্ৰাসবাদী গোটটো দুৰ্বল হৈ পৰিছিল । তথাপিও তেওঁ লুকাই থকা বুলি ধাৰণা কৰা আফগান-পাকিস্তান সীমান্তত স্থানীয় সন্ত্ৰাসবাদীৰ সৈতে মিত্ৰতা গভীৰ কৰি আৰু অন্যান্য অঞ্চলত সংযুক্ত গোটৰ সৈতে সম্পৰ্ক ৰাখি আহিছে ।

লগতে পঢ়ক :Assam Assembly Session 2023: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ চৰ্চিত ভূমি কেলেংকাৰীকলৈ উত্তাল‌ সদন; প্ৰতিবাদ বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.