ETV Bharat / state

Encounter in Assam Arunachal border: দুই NLFB কেডাৰলৈ আৰক্ষীৰ গুলী

author img

By

Published : Apr 1, 2022, 1:13 PM IST

Two NLFB Cader's injured in police encounter at Sonitpur
শোণিতপুৰত আহত ২জনকৈ NLFB কেডাৰ

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ শোণিতপুৰৰ ভালুকপুঙত অসম আৰক্ষীৰ এনকাউন্টাৰ (Police encounter at Sonitpur) ৷ আৰক্ষীৰ গুলীত আহত ২জনকৈ NLFB কেডাৰ (NLFB Cadres injured in police encounter) ৷

তেজপুৰ, ১ এপ্ৰিল : শোণিতপুৰৰ ভালুকপুঙত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এনকাউন্টাৰ(Assam police encounter) ৷ শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুঙৰ ১২ মাইলত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা ৷ ভালুকপুঙৰ ১২ মাইলত চাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ এনকাউন্টৰত ২ জনকৈ NLFB কেডাৰ গুৰুতৰভাৱে আহত হোৱাৰ কথা জানিব পৰা হৈছে(NLFB Cadres injured in police encounter) ।

আহত কেডাৰ দুজন ইৰাকদাও নাৰ্জাৰী আৰু খাম্পান্দাৰ বসুমতাৰী বুলি জানিব পৰা হৈছে ৷ এই ঘটনাত আন এজন কেডাৰক আৰক্ষীয়ে আটক কৰিছে ৷ আটকাধীন কেডাৰজন গেন্দ্ৰা বসুমতাৰী বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ৷ উল্লেখ্য যে বিগত বহুদিন ধৰি ১২ মাইলত বাহৰ পাতি আছিল নিষিদ্ধ ঘোষিত সংগঠনটোৰ কেডাৰকেইজনে ।

লগতে পঢ়ক : ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.