ETV Bharat / state

Tiger killing incident in Nameri national park:ঢেকীয়াপতীয়া বাঘ হত্যাৰ সৈতে জড়িত আন দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Aug 3, 2023, 6:22 PM IST

Tiger killing incident in Nameri national park
ঢেকীয়াপতীয়া বাঘ হত্যাৰ ঘটনা

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ হত্যাৰ সৈতে জড়িত আন দুজনক গ্ৰেপ্তাৰ ।

বাঘ হত্যাৰ সৈতে জড়িত আন দুজনক গ্ৰেপ্তাৰ

ৰঙাপৰা, 3 আগষ্ট : শোণিতপুৰ জিলাৰ হিমালয়ৰ পাদদেশত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত ঢেকীয়াপতীয়া বাঘ হত্যাৰ সৈতে জড়িত আন দুজন লোকক বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গোপন সূত্ৰৰ আধাৰত চতিয়াৰ বালিজুৰিৰ পৰা কানাই দৈমাৰী আৰু ডদা বসুমতাৰীক গ্ৰেপ্তাৰ কৰে ।

ইফালে বন্যপ্ৰাণী সুৰক্ষা বিভাগটোৱে চলোৱা অভিযানকালত দুয়োজনৰ বাসগৃহৰ পৰা চাৰিটাকৈ হস্তনিৰ্মিত বন্দুক জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমানলৈকে উদ্যানখনত বাঘ হত্যাৰ সৈতে জড়িত সাতজনকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । অৱশ্যে এতিয়াও নামেৰীত ঢেকীয়াপতীয়া বাঘ হত্যাৰ সৈতে জড়িত আন এজন চোৰাং চিকাৰী পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে । আটকাধীন আটাইকেইজন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বিভিন্ন বনৰীয়া জীৱ-জন্তু চিকাৰৰ সৈতে জড়িত থকা বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে, নামেৰীত ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ হাতত এটা ঢেকীয়াপতীয়া বাঘৰ নিধন হোৱাৰ চাঞ্চল্যৰ ঘটনা পোহৰলৈ আহিছিল । গুৱাহাটীৰ উমানন্দত বন বিভাগে আৱদ্ধ কৰা বাঘটোক ডিচেম্বৰ মাহত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি কৰি দিয়াৰ পিচতে চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল । যোৱা ৮ জুলাইত শুল্ক বিভাগে অভিযান চলাই জামুগুৰিহাটৰ ইটাখোলাৰ পৰা এটা ঢেকীয়পতীয়া বাঘৰ ছালসহ কংকাল উদ্ধাৰ কৰাৰ পিচত সকলো ঘটনাৰ পোহৰলৈ আহিছিল ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ দপদপনি আজিও অব্যাহত আছে । চোৰাং চিকাৰীয়ে উদ্যানখনৰ ভিতৰত অবৈধভাৱে প্ৰৱেশ কৰি বন্যপ্ৰাণী হত্যা কৰি অহাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে । বিভিন্ন জীৱ-জন্তুৰ বিচৰণ ভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনত লোলুপ দৃষ্টি পৰিছে চোৰাং চিকাৰীবোৰৰ । অৱশ্যে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এতিয়ালৈকে কেইবাজনো চোৰাং চিকাৰীক আটক কৰাৰ লগতে হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ এলেকাত বনকৰ্মীৰ গুলীত নিহত হৈছিল ঢাৰিকিটি গাঁৱৰ দেৱেশ্বৰ পৰাগ নামৰ এজন চোৰাং চিকাৰী ।

লগতে পঢ়ক : Tiger killing in Assam : নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘ নিধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.