ETV Bharat / state

ৰঙাপৰাত অৰ্ধনিৰ্মিত কালভাৰ্ট :যাতায়াতত যাতনা

author img

By

Published : Sep 10, 2019, 3:06 PM IST

ৰঙাপৰাৰ আদাবাৰী-বালিপৰা সংযোগী পথত দুটাকৈ কালভাৰ্ট নিৰ্মাণ কৰিলে যদিও সম্প্ৰতি সেয়াও আধৰুৱা অৱস্থাতে থাকিল। ৷ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে ৷

আধৰুৱা নিৰ্মিত কালভাৰ্টে দুৰ্বিহসহ কৰি তুলিছে ৰাইজৰ যাতায়ত

ৰঙাপাৰা, 10 ছেপ্তেম্বৰঃবুমেৰাঙত পৰিণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে অবাধ দুৰ্নীতি। কাম নকৰাকৈয়ে বিষয়া-ঠিকাদাৰে আত্মসাৎ কৰিছে কোটি টকা। শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ আদাবাৰী চাহ বাগিচাত এটা পথত থকা দুটাকৈ আধৰুৱাকৈ নিৰ্মিত কালভাৰ্টে দুৰূহ কৰি তুলিছে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা ৷ যাৰ বাবে অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে অতি কষ্টেৰে বোকা-পানী গচকি অহা-যোৱা কৰিবলগীয়া হৈছে । উল্লেখ যে কালনি নদীৰ বাঢ়নি পানীয়ে পূৰ্বৰ কালভাৰ্টটো উটুৱাই লৈ যায় । পাছত ৰঙাপৰাৰ ফুলবাৰী গাঁও পঞ্চায়ত অধীনত থকা আদবাৰী-বালিপৰা সংযোগী পথচোৱাত থকা কালভাৰ্টটো পুনৰ নিৰ্মাণ কৰা হয় যদিও কালভাৰ্টটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ দায়িত্ব সামৰে পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা কৰ্তৃপক্ষই । যাৰ ফলত আদাবাৰী, নিউ আদাবাৰী আৰু হাৰচূড়া চাহ বাগিচাৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে পথচোৱাৰে অহা-যোৱা কৰাত বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে । আদাবাৰী-বালিপৰা সংযোগী পথৰ ওপৰত থকা পকী কালভাৰ্টটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি যাতায়তৰ ক্ষেত্ৰত উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

আধৰুৱা নিৰ্মিত কালভাৰ্টে দুৰ্বিহসহ কৰি তুলিছে ৰাইজৰ যাতায়ত
Intro:ৰঙাপৰাৰ আদাবাৰী-বালিপৰা সংযোগী পথত নিৰ্মান ন’হল দুটাকৈ কালভাৰ্টঃ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ৰাইজেBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ আদাবাৰী চাহ বাগিচাত এটা পথত থকা দুটাকৈ কালভাৰ্ট আজিও নিৰ্মান নহ’ল ৷ যাৰ বাবে অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে অতি কষ্টেৰে পানীৰে অহা-যোৱা কৰিবলগীয়া হৈছে। উল্লেখ যে কালনি নদীৰ বাঢ়নি পানীয়ে পূৰ্বৰ কালভাৰ্টটো উটুৱাই লৈ যায়। পাছত ৰঙাপৰাৰ ফুলবাৰী গাঁও পঞ্চায়ত অধিনত থকা আদবাৰী-বালিপৰা সংযোগী পথচোৱাত থকা কালভাৰ্টটো পুণৰ নিৰ্মান কৰা হয় যদিও কালভাৰ্টটোৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ নকৰাকৈ দায়িত্ব সামৰে। যাৰ ফলত আদাবাৰী, নিউ আদাবাৰী আৰু হাৰচূড়া চাহ বাগিচাৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে পথচোৱাৰে অহা-যোৱা কৰাত বাধাৰ সন্মুখীন হবলগীয়া হয়। মন কৰিবলগীয়া এই যে, স্থানীয় ৰাইজে উক্ত পথচোৱাৰে গৈ বালিপৰা চেণ্টাৰ আৰু বালিপৰা ৰেলৱে ষ্টেচনত অতি কম সময়ৰ ভিতৰত উপস্থিত।হব পাৰিছিল। কিন্তু এতিয়া খেলমাটি হৈ কেইবা কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজে গন্তব্য স্থানলৈ যাবলগীয়া হৈছে।আদাবাৰী-বালিপৰা সংযোগী পথৰ ওপৰত থকা পকী কালভাৰ্টটো নিৰ্মান কাৰ্য সম্পূৰ্ন কৰি যাতায়তৰ ক্ষেত্ৰত উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.