ETV Bharat / state

Protest against APDCL: মিছামাৰীত মৃতদেহ লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 2:22 PM IST

Tragic incident in Misamari
বিদ্যুতৰ তাঁৰ ছিঙি প্ৰাতঃভ্ৰমণলৈ যোৱা লোকৰ মৃত্য়ু

বিদ্যুৎ পৰিৱাহী তাঁৰ ছিঙি প্ৰাতঃভ্ৰমণলৈ যোৱা লোকৰ মৃত্য়ু । শোণিতপুৰৰ মিছামাৰীৰ লাখোপাৰাত মৃতদেহ লগত লৈ উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ ।

বিদ্যুতৰ তাঁৰ ছিঙি প্ৰাতঃভ্ৰমণলৈ যোৱা লোকৰ মৃত্য়ু

ৰঙাপৰা, ২৩ আগষ্ট: মঙলবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা সঞ্জয় ৰায় নামৰ লোকজনৰ মৃত্য়ুৰ পিচতেই উত্তাল হৈ পৰে শোণিতপুৰৰ মিছামাৰীৰ লাখোপাৰা । বিদ্যুৎ বিভাগৰ চৰম দ্বায়িত্বহীনতাৰ বাবেই লোকজনে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে প্ৰতিবাদ জনায় । প্ৰতিবাদকাৰী ৰাইজে চৰকাৰৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়ে ।

উল্লেখ্য় যে, শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত লাখোপাৰাত মঙলবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় । প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত লাখোপাৰাৰ সঞ্জয় ৰায় নামৰ লোকজনৰ অকাল মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগটোৰ চৰম গাফিলতিৰ বাবে সঞ্জয় ৰায়ৰ মৃত্যু ঘটাৰ অভিযোগ উঠিছে । জানিব পৰা মতে, মিছামাৰীৰ লাখোপাৰাৰ পথৰ ওপৰত ৪৪০ ভল্টৰ এডাল বিদ্যুৎ পৰিৱাহী তাঁৰ ছিঙি পৰি আছিল । অসাৱধানবশতঃ বিদ্যুৎ পৰিবাহী তাৰডাল গছকাত লোকজনে থিতাতে মৃত্যুক সাৱটি লয় ।

সঞ্জয় ৰায়ে মিছামাৰীৰ সেনা ছাউনীৰ পাম্প ঘৰত অস্থায়ীভাৱে কাম কৰি পৰিয়ালটোক কোনোমতে পোহপাল দি আহিছিল । সঞ্জয় ৰায়ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত লাখোপাৰাৰ ব্যৱসায়ীসকলে নিজৰ নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি শোক পালন কৰে । মৃত্যুৰ সময়ত সমাজসেৱী লোকজনে পত্নীৰ লগতে দুজন পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায় ।

ইফালে, সঞ্জয় ৰায়ৰ মৃতদেহ নিজ বাসগৃহলৈ অনাৰ পিছতে স্থানীয় ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে । ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । প্ৰতিবাদকাৰী ৰাইজে অসম চৰকাৰ হায় হায়, শক্তি বিভাগ মূৰ্দাবাদ, ৰঙাপৰাৰ বিদ্যুৎ বিভাগ হায় হায়, ৰঙাপৰাৰ বিদ্যুৎ উপ সংমণ্ডল বিষয়া হায় হায়, ৰঙাপৰাৰ বিদ্যুৎ উপ সংমণ্ডল বিষয়া লেই লেই ছেই, শক্তি বিভাগ গ' বেক, শক্তি বিভাগ হুচিয়াৰ, শক্তি বিভাগ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । অতি শীঘ্ৰেই মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ শক্তি বিভাগক দাবী জনাইছে লাখোপাৰাৰ ৰাইজে ।

লগতে পঢ়ক:NPS Employee Protest: যোৰহাটত ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ চৰকাৰী কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.