ETV Bharat / state

2018ৰ তুলনাত 2019ত শোণিতপুৰত হ্ৰাস পথ দুৰ্ঘটনাৰ ঘটনা

author img

By

Published : Jan 8, 2020, 5:31 PM IST

শোণিতপুৰ জিলাৰ জিলা পৰিবহন বিষয়া উমেশ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে 2018 বৰ্ষৰ তুলনাত 2019 বৰ্ষত জিলাখনত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱা বুলি প্ৰকাশ কৰে ৷

জিলা পৰিবহন বিষয়া উমেশ শৰ্মাৰ সৈতে সাক্ষাৎকাৰ
জিলা পৰিবহন বিষয়া উমেশ শৰ্মা

তেজপুৰ, 8 জানুৱাৰীঃ শোণিতপুৰ জিলাত 2018 বৰ্ষৰ তুলনাত হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যা ৷ 2018 বৰ্ষত জিলাখনত সংঘটিত হৈছিল 398 টাকৈ দুৰ্ঘটনা য'ত 113 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল 280 গৰাকী লোক ৷ কিন্তু 2019 বৰ্ষত এই সংখ্যা কিছু হ্ৰাস পায় ৷ বিগত বৰ্ষত জিলাখনত সংঘটিত হয় 393 টা দুৰ্ঘটনা যিটো সংখ্যা পূৰ্বৱৰ্তী বৰ্ষতকৈ মাত্ৰ পাঁচটা কম ৷ অৱশ্যে 2019 বৰ্ষত পথ দুৰ্ঘটনাত আহত লোকৰ সংখ্যা হ্ৰাস হৈ 240 গৰাকী হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ৷ 2019 বৰ্ষত জিলাখনত সংঘটিত হোৱা 393 টা দুৰ্ঘটনাত নিহত হয় সৰ্বমুঠ 141 গৰাকী লোক ৷

জিলা পৰিবহন বিষয়া উমেশ শৰ্মাৰ সৈতে সাক্ষাৎকাৰ

জিলা পৰিবহন বিষয়া উমেশ শৰ্মাইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,পূৰ্বৰ তুলনাত পৰিবহন বিভাগ যথেষ্ট সজাগ হৈছে ৷ পথ সজাগতাৰ বাবে মহাবিদ্যালয়,বিদ্যালয়ৰ লগতে বিভিন্ন সময়ত বিভাগে ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ চালকৰ প্ৰমাণ-পত্ৰৰ লগতে অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰটো যথাযত পথ সুৰক্ষা ব্যৱস্থাৱলীক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি বিষয়াগৰাকীয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷

উল্লেখ্য যে,পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে ৰাইজক যান-বাহন অধিনিয়ম আৰু অন্যান্য সজাগতামূলক ব্যৱস্থাৰ বাবে অহা 11 জানুৱাৰীৰ পৰা জিলাখনত পথ সুৰক্ষা সপ্তাহ তিনিদিনীয়াকৈ পালন কৰিব ৷

লগতে পঢ়কঃ দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনাই জোঁকাৰি গ'ল তেজপুৰ

Intro:তেজপুৰ,৮ জানুৱাৰী: ৰাজ্যত নিতৌ নতুন নতুন ৰূপত পথ দুৰ্ঘটনা সংঘটিত হৈ থকা সময়তে শোণিতপুৰ জিলাত ২০১৮ চনৰ তুলনাত ২০১৯ ত মাত্ৰ ৫ টা দুৰ্ঘটনা কমিছে , এই তথ্য শোণিতপুৰ জিলাৰ পৰিবহন বিষয়া উমেশ শৰ্মাৰ ।


Body:যোৱা ২০১৮ চনত জিলাখনৰ পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৩৯৮ টা আৰু আহত হৈছিল ২৮০ জন আৰু ১১৩ জন মৃত্যু মুখত পৰিছিল । কিন্তু ২০১৯ চনত এই দুৰ্ঘটনাৰ হাৰ ৩৯৩ টা ইয়াৰ বিপৰীতে দুৰ্ঘটনাত আহতৰ সংখ্যা ২৪০ আৰু মৃত্যু হয় ১৪১ জনৰ ।
Bite: উমেশ শৰ্মা , জিলা পৰিবহন বিষয়া ।
জিলা পৰিবহন বিষয়া শৰ্মাই জনায় যে পূৰ্বৰ তুলনাত পৰিবহণ বিভাগে যথেষ্ট সজাগতাৰ সৃষ্টি কৰিছে বিশেষকৈ বিদ্যালয় মহাবিদ্যালয় সমূহত আৰু দৈনন্দিন চলকৰ প্ৰমাণ পত্ৰ দাখিল কৰা সময়ত প্ৰত্যেক জনক পথ সুৰক্ষা বিষয়ে অৱগত কৰে ।
উল্লেখযোগ্য যে অহা ১১ জানুৱাৰীৰ পৰা জিলা খনত পথ সুৰক্ষা সপ্তাহ তিনিদিনীয়াকৈ পালন কৰিবলৈ আৰম্ভ কৰিছে ।


Conclusion:প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
৮/১/২০২০/
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.