ETV Bharat / state

Kati Bihu 2023 : পৰম্পৰাগতভাৱে কাতি বিহু উদ্‌যাপন শোণিতপুৰ জিলা কৃষি বিভাগৰ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 8:11 PM IST

Kati Bihu 2023
বর্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদ্‌যাপন

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু বাম বেছেৰীয়াৰ সমূহ ৰাইজৰ সহযোগত কাতি বিহু উদ্‌যাপন ৷ বিধায়ক পৃথ্বীৰাজ ৰাভাই কৃষি বিভাগে চৰকাৰীভাৱে ৰাইজৰ মাজত কাতি বিহুক প্ৰাসংগিক কৰি তোলাৰ এনে প্ৰয়াসৰ শলাগ লয় ৷

পৰম্পৰাগতভাৱে কাতি বিহু উদ্‌যাপন

তেজপুৰ ,১৮ অক্টোবৰ : শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু বাম বেছেৰীয়াৰ সমূহ ৰাইজৰ সহযোগত বুধবাৰে তেজপুৰৰ নিকটৱৰ্তী বাম বেছেৰীয়াৰ বিষ্ণুজ্যোতি নাট্য মন্দিৰ প্ৰাংগনত বর্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদ্‌যাপন কৰা হয় ৷ অনুষ্ঠানত পৰম্পৰাগতভাৱে তুলসীৰ তলত চাকিৰ পোহৰেৰে আলোকিত কৰাৰ লগতে কৃষকৰ ধাননি পথাৰত আকাশ বন্তি জ্বলোৱা কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ৷

অনুষ্ঠানত উপস্থিত থাকি বিধায়ক পৃথ্বীৰাজ ৰাভাই কৃষি বিভাগে চৰকাৰীভাৱে ৰাইজৰ মাজত কাতি বিহুক প্ৰাসংগিক কৰি তোলাৰ এনে প্ৰয়াসৰ শলাগ লয় ৷ কৃষকৰ পথাৰত কাতি বিহু উদযাপন কৰাৰ জৰিয়তে কৃষকসকলক কৃষিৰ প্ৰতি আৰু অধিক উৎসাহিত কৰাৰ বাবে কৃষি বিভাগৰ দৃষ্টান্তমূলক পদক্ষেপৰ শলাগ লয় জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ আনহাতে কাতি বিহু উদযাপনৰ অনুষ্ঠানতে জিলাখনৰ প্ৰত্যেক কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ১২ গৰাকী কৃষকক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে ২০ গৰাকী প্ৰগতিশীল কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰা হয় ৷

জিলা কৃষি বিষয়া পংকজ শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা কাতি বিহুৰ অনুষ্ঠানত জিলাখনৰ আদৰ্শ কৃষক হিচাবে পৰিগণিত তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিন্দুকুৰী কৃষি চক্রৰ আদৰ্শ কৃষক কমল বৰা, মৃদুলা শইকীয়া, থানেশ্বৰ গগৈ, ডিপোটা কৃষি চক্রৰ জামিনি কলিতা, দিলীপ নাথ, শৰৎ শইকীয়া, ভৱকান্ত নাথ, চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাবন্ধা কৃষি চক্রৰ শৰৎ বৰুৱা, জামুগুৰি কৃষি চক্রৰ মন্তুু শইকীয়া, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰী কৃষি চক্রৰ পম্পী দেৱী, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাক্ষসমাৰী কৃষি চক্রৰ বীণা দেৱী, ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ কৃষি চক্রৰ মৃণাল বসুমতাৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

এই অনুষ্ঠানতে কৃষকসকলক বিভাগীয় আঁচনিৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰে সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী আৰু জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ড০ খনিন্দ্ৰ ৰত্ন বৰ্মনে ৷ হিতাধিকাৰীসকলৰ মাজত কৃষি সামগ্রীও বিতৰণ কৰা হয় ৷ দিনজোৰা অনুষ্ঠানৰ মাজতে বিয়লি স্কুলীয়া ছাত্র- ছাত্ৰীসকলৰ মাজত কাতি বিহুক উপলক্ষে কৰি বিশেষ অনুষ্ঠানো সম্পন্ন হয় ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজ আৰু কৃষি বিভাগৰ বিষয়ববীয়াসকলে পৰম্পৰাগতভাৱে তুলসীৰ তলত চাকি দিয়াৰ লগতে নাম প্ৰসংগ কৰে ৷

তুলসীৰ তলত আঁঠু লৈ ৰাইজৰ মংগল কামনাৰে প্ৰাৰ্থনা কৰিলে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ অনুষ্ঠানত উপস্থিত থাকে যুটীয়া কৃষি সঞ্চালক (উত্তৰ সংমণ্ডল) ভৱানী নাথ, আঞ্চলিক পঞ্চায়তৰ সভানেত্রী ৰেখা বৰুৱা, তেজপুৰ ৰাজহ চক্ৰ বিষয়া মাধুর্য বুঢ়াগোহাঁই, কৃষি কাৰ্যবাহী অভিযন্তা প্ৰসন্নজিৎ শইকীয়া, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়তৰ সভাপতি, সদস্য-সদস্যা,কৃষি বিভাগ, APART ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বাম বেছেৰীয়াৰ সমূহ কৃষক ৰাইজ ৷ আনহাতে সন্ধিয়া জিলা আয়ুক্ত আৰু স্থানীয় কৃষক, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তুলসীৰ তলত বন্তি প্ৰজ্বলন, আকাশ বন্তি প্ৰজ্বলন তথা প্ৰাৰ্থনা আৰু প্ৰসাদ বিতৰণেৰে অনুষ্ঠানৰ অন্ত পেলায় ৷

লগতে পঢ়ক : Kati Bihu 2023 : নগাঁৱৰ তেলীয়া পহুকটাত উৎসৱমুখৰ পৰিৱেশত উদযাপন কাতি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.