ETV Bharat / state

বৃহৎ লোকচানৰ সন্মুখীন শোণিতপুৰৰ একাংশ কৃষক

author img

By

Published : Apr 12, 2021, 3:56 PM IST

শোণিতপুৰৰ গাভৰু নদীৰ বালিচৰত নৈপৰীয়া একাংশ কৃষক ৰাইজে প্ৰত্যেক বছৰৰ দৰে এইবাৰো তৰমুজ খেতি কৰিছে ৷ বছৰ বছৰ ধৰি বালিচৰত তৰমুজকে আদি কৰি বিভিন্ন শাক-পাচলি খেতি কৰি কৃষক সকল অৰ্থ উপাৰ্জনৰ পথা বাছি হৈছে ৷ কিন্তু এইবাৰ তৰমুজ খেতি কৰা কৃষক সকলৰ মাজত লাভৰ বিপৰীতে লোকচান সন্মুখীন হৈছে ৷

বৃহৎ লোকচানৰ সন্মুখিন শোণিতপুৰৰ একাংশ কৃষক
বৃহৎ লোকচানৰ সন্মুখিন শোণিতপুৰৰ একাংশ কৃষক

ৰঙাপৰা, 12 এপ্ৰিল : শোণিতপুৰৰ গাভৰু নদীৰ বালিচৰত নৈপৰীয়া একাংশ কৃষক ৰাইজে প্ৰত্যেক বছৰৰ দৰে এইবাৰো তৰমুজ খেতি কৰিছে ৷ বছৰ বছৰ ধৰি বালিচৰত তৰমুজকে আদি কৰি বিভিন্ন শাক-পাচলি খেতি কৰি কৃষক সকল অৰ্থ উপাৰ্জনৰ পথা বাছি হৈছে ৷ কিন্তু এইবাৰ তৰমুজ খেতি কৰা কৃষক সকলৰ মাজত লাভৰ বিপৰীতে লোকচান সন্মুখিন হৈছে ৷

কাৰণ পূৰ্বৰ দৰে এইবাৰ গাভৰু নদীৰ বালিচৰৰ তৰমুজ খেতিত পৰ্যাপ্ত পৰিমাণৰ ফল নধৰাত গাঁঠিৰ ধন ভাঙি খেতি কৰা কৃষক সকল চিন্তিত হৈ পৰিছে ৷ কেৱল কৃষি কৰ্মকে উপাৰ্জনৰ এক মাত্ৰ পথ হিচাপে বাছি লোৱা কৃষক সকলে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ এনে পৰিপেক্ষিত সংশ্লিষ্ট চৰকাৰী কৃষি আঁচনি সহায় বিছাৰি বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছে যদিও বৰ্তমানলৈকে সুফল লাভ কৰা নাই ৷

বৃহৎ লোকচানৰ সন্মুখিন শোণিতপুৰৰ একাংশ কৃষক

উল্লেখ্য যে, ভেলুৱাটাৰ গাঁৱৰ কৃষক আজিজুল হকে নামৰ এজন কৃষকে এইবাৰ তিনি লাখ টকা ব্যয় কৰি প্ৰায় ৩০ বিঘা বালিচৰৰ ভূমিত তৰমুজ খেতি কৰিছিল। একেদৰে চাহেদ আলীয়ে ১০ বিঘা, আলী আহমেদে ৬ বিঘা, আলী হুছেইনে ৯ বিঘা বালিচৰৰ ভূমিত তৰমুজ খেতি কৰিছিল ৷

উল্লেখ যে, যোৱা বৰ্ষত ক'ৰণা মহামাৰীৰ বাবে ঘোষণা কৰা ল'ক ডাউনৰ বাবে বজাৰৰ অভাৱত বৃহৎ লোকচানৰ সন্মুখিন হৈছিল কৃষক সকল ৷

লগতে পঢ়ক: তিপ্ৰা মথাৰ প্ৰস্তাৱিত বিজয় সমদল স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.