ETV Bharat / state

চতিয়াৰ টুপীয়াত পথ দুৰ্ঘটনাত, নিহত এজন

author img

By

Published : Jun 18, 2019, 12:25 PM IST

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে ৪জন গুৰুতৰভাৱে আহত

চতিয়াৰ টুপীয়াত পথ দুৰ্ঘটনাত নিহত এজন

চতিয়া,১৮জুন : শোণিতপুৰ জিলাৰ চতিয়াৰ টুপীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । AS-12-AC-5025 নম্বৰৰ এখন বলেৰ’ পিকআপ ভানে চিলিণ্ডাৰভৰ্তি এখন ট্ৰাকক অভাৰট্ৰেক কৰিবলৈ নিয়ন্ত্ৰণ হেৰুৱাই দুই পথচাৰীক মহতিয়াই লৈ যায় । দুৰ্ঘটনাটোত বলেৰ’খনত থকা সঞ্জু বৰা নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে বাহনখনৰ চালক কৃষ্ণ দাস আৰু সত্যব্ৰত শইকীয়া গুৰুতৰভাৱে আহত হয় । ইফালে, মহতিয়াই নিয়া দুই পথচাৰীও গুৰুতৰভাৱে আহত হয় । পথচাৰী দুজনৰ মাজত আছে এগৰাকী মহিলাও । বৰ্তমানলৈ পথচাৰী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও আঘাতপ্ৰাপ্ত লোককেইজনক তেজপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

চতিয়াৰ টুপীয়াত পথ দুৰ্ঘটনাত নিহত এজন

নিহত সঞ্জু বৰা জামুগুৰিহাটৰ গেৰেলুৱাচুক গাঁৱৰ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত জোৱান আছিল বুলি জানিব পৰা গৈছে । সেনাগৰাকীৰ মৃত্যুত এতিয়া শোকৰ ছা পৰিছে সমগ্ৰ অঞ্চলজুৰি ।

Intro:শোণিতপুৰৰ চতিয়াৰ টুপীয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা৷Body:চিলিণ্ডাৰভৰ্তি এখন ট্ৰাকক অভাৰট্ৰেক কৰিবলৈ গৈ AS-12-AC-5025 নম্বৰৰ বলেৰ’ পিকআপ ভানখনে ট্ৰাকখনৰ পিছফালে স্পৰ্শ কৰাত নিয়ন্ত্ৰন হেৰুৱাই দুই পথচাৰীক মহতিয়াই নিয়াৰ লগতে ব’লেৰখনে প্ৰচণ্ড জোৰেৰে গছত খুণ্ডা মাৰে৷ফলত বলেৰ’খনৰ উঠি অহা আৰোহি সঞ্জু বৰা থিতাতে নিহত হোৱাৰ লগতে চালক কৃষ্ণ দাস আৰু সত্যব্ৰত শইকীয়া গুৰুতৰভাৱে আহত হয়৷তাৰোপৰি মহতিয়াই নিয়া দুই পথচাৰী গুৰুতৰভাৱে আহত হয়৷পথচাৰী দুজনৰ মাজত এগৰাকী মহিলাও আছে৷এই মুহুৰ্তলৈকে পথচাৰী দুজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই৷আটাইকে স্থানীয় ৰাইজে ধলাইবিলস্থিত উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও গুৰুতৰভাৱে আহত চাৰিওগৰাকী লোককে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰে৷Conclusion: নিহত সঞ্জু বৰা জামুগুৰিহাটৰ গেৰেলুৱাচুক গাঁৱৰ যুৱক আৰু সঞ্জু বৰা ভাৰতীয় সেনাবাহিনীত কৰ্মৰত জোৱান আছিল৷ইয়াৰোপৰি সঞ্জু বৰা কম্ফু,উচু আৰু কিক বক্সিংৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা খেলুৱৈ আছিল৷ঘটনাটোৱে সমগ্ৰ অঞ্চলটিতে শোকৰ ছাঁ পেলাইছে৷
Pransankar bhuyan
ETv bharat,Assam
17.06.2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.