ETV Bharat / state

Road Connectivity to Tali : অপেক্ষাৰ অন্ত পেলাই স্থলপথেৰে সংযোজিত অৰুণাচলৰ টালি

author img

By

Published : Feb 28, 2023, 1:13 PM IST

Tezpur
Tezpur

অৱশেষত পথ যোগাযোগেৰে সংযুক্ত হ'ল অৰুণাচলৰ টালি (road connectivity to Tali of Arunachal) । সুদীৰ্ঘ দিন ধৰি পথ যোগাযোগৰহিত হৈ আছিল প্ৰশাসনিক কেন্দ্ৰ আৰু একমাত্ৰ বিধানসভা সমষ্টি টালি । মুখ্যমন্ত্ৰী পেমা খাণ্ডু হৈছে স্থলপথেৰে টালিলৈ যাত্ৰা কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ।

তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ অন্তিমটো যোগাযোগৰহিত প্ৰশাসনিক কেন্দ্ৰ আৰু একমাত্ৰ বিধানসভা সমষ্টি টালি স্থলপথৰ দ্বাৰা সংযোজিত কৰা হৈছে (road connectivity to Tali Arunachal Pradesh) ৷ উল্লেখ্য, অৰুণাচল প্ৰদেশৰ বহু ঠাই এতিয়াও যোগাযোগ ব্যৱস্থাৰ বাবে তাৎক্ষণিক সংযোগ স্থাপন কৰাটো সম্ভৱ হৈ পৰা নাই । ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকা পথেৰে যাত্ৰা কৰি ক্ৰা দাদি জিলাৰ টালিত উপস্থিত হোৱা ৰাজ্যখনৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু (Arunachal Pradesh CM Pema Khandu) ।

উল্লেখযোগ্য যে ২০১৭ চনত হেলিকপ্টাৰেৰে অন্তিমবাৰৰ বাবে এই অঞ্চলটো ভ্ৰমণৰ সময়ত খাণ্ডুৱে ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ পৰৱৰ্তী ভ্ৰমণ পথৰ যোগেদি হ’ব । যিটো প্ৰতিশ্ৰুতি নেকুম উৎসৱ উপলক্ষে পূৰণ হৈছে (Nyokum festival of Tali Arunachal) । “মই গৌৰৱান্বিত যে ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ অংশ হিচাপে মই ইয়াত উপস্থিত হৈছোঁ । কাৰণ অৱশেষত টালি এডিচিৰ মুখ্য কাৰ্যালয় পথৰ দ্বাৰা সংযোগ হোৱাটো মই প্ৰত্যক্ষ কৰিবলৈ পালোঁ । ১৯৫৭ চনত স্থাপিত টালি প্ৰশাসনিক মুখ্য কাৰ্যালয়ে কেতিয়াও পথ সংযোগ দেখা নাপালে । আমি মিছন মোডত কাম কৰিছিলোঁ যাতে প্ৰায় ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াংটে-টালি পথটো সোনকালে সম্পূৰ্ণ কৰিব পাৰোঁ ।"খাণ্ডুৱে ৪৫ সংখ্যক নেকুম ইউলো উদযাপনত যোগদান কৰি এইদৰে কয় (Tali of Arunachal connected by road) ।

উল্লেখ্য, টালিৰ পৰা টালি এডিচি প্ৰশাসনিক কেন্দ্ৰৰ চক্ৰ মুখ্য কাৰ্যালয় পিপ সোৰাংলৈ নিৰ্মিত পথটো পৰিদৰ্শন কৰি খাণ্ডুৱে ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পিএমজিএছৱাই পথ নিৰ্মাণ বিগত বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিছিল । তেওঁ ঘোষণা কৰিছিল যে যেতিয়ালৈকে আপোনালোক সকলোৱে টালিত ৪৬ সংখ্যক নেকুম ইউলো উদযাপন কৰিব, তেতিয়ালৈকে পিপ সোৰাং সংযোগ হৈ উঠিব । আনহাতে, ইয়াৰ বাবে 'ভূমিৰ ক্ষতিপূৰণৰ বাবে আশা নকৰিব বা দাবী নকৰিব' বুলি তেওঁ ৰাইজৰ ওচৰত নিজৰ আবেদন জনায় । যিহেতু পথ সংযোগে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰিব, সেয়ে খাণ্ডুৱে যদি মানুহে বিনামূলীয়াকৈ মাটি দিয়ে, তেন্তে য’তেই প্ৰয়োজন হয় তাতেই পথ নিৰ্মাণ কৰাটো চৰকাৰৰ বাধ্যতামূলক কৰ্তব্য বুলি তেওঁ প্ৰকাশ কৰে ।

উল্লেখ্য, ১৯৬০-ৰ দশকৰ শেষৰ ফালে কাম আৰম্ভ হোৱা টামেনৰ (কমলে জিলা) পৰা টালি পথৰ কাম সম্পূৰ্ণ হোৱাত পলম হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি খাণ্ডুৱে আশ্বাস দিয়ে যে এই পথটোও তেওঁৰ চৰকাৰে সম্পূৰ্ণ কৰিব । তেওঁ লগতে স্বীকাৰ কৰে যে ইয়াংটে-টালি পথৰ কুমেয় দলং পইণ্টৰ পৰা বৰ্তমান গাড়ী চলোৱাৰ বাবে অত্যধিক বিপজ্জনক । তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্মাণৰত ষ্ট্ৰেচটো সোনকালে সম্পূৰ্ণ কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে এলাইনমেণ্ট পুনৰ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰি খাণ্ডুৱে যোৰাম-কলৰিয়াং ঘাইপথৰ পৰা ইয়াংটেলৈ যোৱা পথটো নিয়মীয়া যাত্ৰাৰ বাবে অনুপযুক্ত বুলি কয় আৰু ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো তৎক্ষণাত পুনৰ নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস দিয়ে । জিৰ’, ইটানগৰৰ দৰে আন চহৰ-নগৰলৈ প্ৰব্ৰজন কৰা টালি অঞ্চলৰ ৰাইজক নিজৰ নিজৰ গাঁৱত সংস্থাপিত হ’বলৈও তেওঁ আহ্বান জনায় ।

তেওঁ স্থানীয় বিধায়ক জিকে টাকোৰ উদাহৰণ দাঙি ধৰি কয় যে তেওঁ ইটানগৰত বসতি স্থাপন কৰিলেও টালিত নিজৰ বাসগৃহ নিৰ্মাণ কৰিছে । “এইখন আপোনালোকৰ জন্মস্থান । এই অঞ্চলৰ পৰাই আপোনাৰ শিপা গজিছে । আন ঠাইত বসতি স্থাপন কৰিলেও শিপাৰ লগত সংযুক্ত হৈ থাকক ।’ তেওঁ কয় । ইফালে ইয়াংটেৰ পৰা টালিলৈ যোৱাৰ পথত খাণ্ডুৱে কুমে নদীৰ ওপৰত পুনৰ নিৰ্মাণ কৰা তীখাৰ তোৰণ দলংখন ৰাইজৰ বাবে উৎসৰ্গা কৰে । কমেও এবছৰ ধৰি টালিলৈ পথ সংযোগত ব্যাঘাত জন্মিছিল এই দলংখনৰ বাবে । খাণ্ডুৰ সৈতে গৃহমন্ত্ৰী বামাং ফেলিক্স, নামছাইৰ বিধায়ক চৌ জিগনু নামচূম, পালিনৰ বিধায়ক বালো ৰাজা আদি উপস্থিত থাকে ।

লগতে পঢ়ক :Traggic Accident in Meghalaya: মেঘালয়ত দুৰ্ঘটনাত নিহত ৬ ব্যক্তিলৈ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলত শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.