ETV Bharat / state

উত্তৰ ছিকিমত ভাৰতীয় সেনাবাহিনীৰ অভিযানত উদ্ধাৰ চাৰি ক্ৰু মেম্বাৰ

author img

By

Published : May 9, 2020, 11:05 AM IST

প্ৰায় ১৫,৫০০ ফুট উচ্চতাত উত্তৰ ছিকিমৰ দুৰ্গম বৰফাবৃত অঞ্চলত প্ৰতিকুল বতৰৰ বাবে আবদ্ধ হৈছিল বায়ুসেনা বাহিনীৰ এখন হেলিকপ্তাৰৰ লগতে চাৰিজন ক্ৰু মেম্বাৰ ৷ আবদ্ধ দলটোক উদ্ধাৰৰ বাবে এক অভিযান চলোৱা হয় ভাৰতীয় বায়ু সেনাই ৷

Rescue operation by indian army in north sikkim tezpur assam etv bharat news
ভাৰতীয় সেনাবাহিনীৰ অভিযান

তেজপুৰ, ৯ মে’ : ভাৰতীয় সেনা বাহিনী,বায়ু সেনা বাহিনী আৰু আইটিবিপিৰ নেতৃত্বত চলিল এক উদ্ধাৰ অভিযান ৷ প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ১৫,৫০০ ফুট উচ্চতাত উত্তৰ ছিকিমৰ দুৰ্গম বৰফাবৃত অঞ্চলত আবদ্ধ বায়ুসেনা বাহিনীৰ এখন হেলিকপ্তাৰৰ লগতে চাৰিজন ক্ৰু মেম্বাৰৰ উদ্ধাৰৰ বাবে এই অভিযান চলোৱা হয় ৷

Rescue operation by indian army in north sikkim tezpur assam etv bharat news
ভাৰতীয় সেনাবাহিনীৰ অভিযান

প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীৰ মুখপাত্ৰ লেঃ কৰ্ণেল পি খোংচায়ে এই তথ্য প্ৰকাশ কৰে ৷ প্ৰতিকুল বতৰৰ বাবে বায়ু সেনা বাহিনীৰ ক্ৰু মেম্বাৰ কেইজনে জৰুৰীভাৱে উক্ত স্থানত অৱতৰণ কৰিছিল ৷ সেনাবাহিনীৰ দলটো পৰৱৰ্তী সময়ত প্ৰচণ্ড বৰফৰ ধুমুহাৰ সন্মুখীন হোৱা বুলি জনায় ৷ ইয়াৰ পিছতে আইটিবিপি আৰু সেনাবাহিনীৰ দলে শুকুৰবাৰে সন্ধিয়া বায়ুসেনাৰ এই চাৰিজনীয়া দলটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,প্ৰতি মুহুৰ্তত হোৱা বৰফৰ বৰষুণ আৰু দুৰ্গম পাহাৰৰ বাবে সেনা বাহিনীৰ দলটোক উদ্ধাৰ সামগ্ৰী সহিতে পদপথেদি যাত্ৰা কৰি গন্তব্য স্থানত উপনীত হ'বলৈ বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

লগতে চাওকঃ লক্ ডাউনৰ সময়ত তীব্ৰ খাদ্য সংকটত ভুগিছে নলবাৰীৰ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.