তেজপুৰ,২৮ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহাসিক বাঘ ভেটা কাহিনীৰ আধাৰত এইবছৰৰ শেষত প্ৰস্তুত হৈ প্ৰকাশৰ বাবে সাজু হৈছে এখন গ্ৰন্থ । গ্ৰন্থখনৰ নাম বাঘভেটা কাহিনী । এটা সময়ত অসমত হাবি-জংঘলৰে ভৰপূৰ এক অটব্য অৰণ্য আছিল । কিন্তু কালৰ বুকুত সেই অৰণ্য মানৱ জাতিৰ হাতোৰাত ক্ৰমাৎ ধ্বংস হৈ পৰে । সেই সময়ত অসমৰ শংকৰী কলা-সংস্কৃতিৰে জীপাল শোণিতকোঁৱৰ গজেন বৰুৱাৰ জন্মস্থান জামুগুৰিহাটত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বাঘভেটাৰ এক প্ৰক্ৰিয়া আছিল । তাৰেই আধাৰত প্ৰস্তুত কৰা হৈছে এই গ্ৰন্থখন । গ্ৰন্থখনৰ লেখক সাংবাদিক কবিৰ শইকীয়াই জামুগুৰিহাটৰ সেই সময়ৰ এই বাঘভেটা ঘটনাৰ লগত জড়িত বিভিন্নজন প্ৰয়াত আৰু জীৱিত ব্যক্তিসকলৰ সমলৰ আধাৰত প্ৰস্তুত কৰি তুলিছে এই 'জামুগুৰিহাটৰ অধুনালুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি', নামৰ গ্ৰন্থখন ।
সেই সময়ৰ বাঘভেটাৰ চিত্ৰ শোণিতকুঁৱৰ গজেন বৰুৱাই তেওঁৰ গ্ৰন্থত লিপিবদ্ধ কৰি গৈছে । এই বাঘভেটা পৰৱৰ্তী সময়ত এক সংস্কৃতি হিচাপে পৰিগণিত হয় । স্থানীয় কৃষিজীৱী ৰাইজে কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা গৰু, ম'হ, পোহনীয়া ছাগলী ইত্যাদি শীতকালত হাবিৰ পৰা ওলাই অহা বাঘে মাৰি পেলায় । ফলস্বৰূপে কৃষিজীৱী ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হয় ।
ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এই বাঘভেটা কাৰ্য আৰম্ভ কৰে । কিন্ত এই প্ৰথা ১৯৬৪ চনৰ পিছত ক্ৰমান্বয়ে সমাপ্ত হয়, গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে যে ছবি থকা এই বাঘটোৱেই অৰ্থাৎ ১৯৬৪ ত বৰ্তমানৰ কুসুমতলাত ধৰা বাঘটো শেষ বাঘভেটা কাৰ্যসূচী আছিল জামুগুৰিহাটত । ইয়াৰ পিছত ১৯৭২ বন্যপ্ৰাণী আইন প্ৰণয়ন হোৱাৰ পিছত এই বাঘভেটা প্ৰথা সমাপ্ত হয় ।
গ্ৰন্থখনত উল্লেখ কৰিছে যে সেই সময়ত অবিভক্ত দৰং জিলাৰ ৰৌতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা তথ্য চিত্ৰ নিৰ্মাণৰ দলে জামুগুৰিহাটৰ ৰাইজক নি ঢেকীয়াপতীয়া বাঘ ভেটি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল যদিও সেয়া সংৰক্ষণ নহ'ল বুলি লেখক কবিৰ শইকীয়াই উল্লেখ কৰিছে ।
বৰ্তমান সেই সময়ৰ দুই এজন সাহসী ব্যক্তি জীৱিত আছে যদিও সৰহ সংখ্যক লোকৰ মৃত্যু হৈছে । জানিবলৈপৰা মতে জামুগুৰিহাটৰ নামঘৰত সেই সময়ত বাঘভেটা অন্যতম সঁজুলি জাল সজাই থোৱা হৈছিল । গ্ৰন্থখনত ইচ্ছুক তথা অনুসন্ধিৎসু পাঠকৰ বাবে উৎকৃষ্ট হোৱাকৈ এই সংস্কৃতিৰ লগত জড়িত ব্যক্তি বিশেষৰ উপৰিও তাহানিৰ সঁজুলিসমূহৰ এক জীৱন্ত প্ৰতিচ্ছবি দাঙি ধৰা হৈছে ।