ETV Bharat / state

ৰঙাপৰাৰ গাভৰু নদীৰ গৰাখনীয়াত সৰ্বস্বান্ত শতাধিক কৃষক

author img

By

Published : Sep 10, 2020, 9:09 PM IST

গাভৰু নদীৰ খহনীয়াত জাহ গ'ল ৰঙাপৰা সমষ্টিৰ কৃষক ৰাইজৰ কেইবা শ বিঘা কৃষিভূমি ৷ বান্ধটোৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে ঠাকুৰবাৰী গাঁও পঞ্চায়ত এলেকাৰ ভেলুৱাটাৰ গাঁৱত উপস্থিত হয় চি পি আই (এম)ৰ নেতা ৰয়েল চৰেং ৷ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ

CPI (M) leader roared to stage protest if government fails to take positive action to solve the problem of flood and erosion
ৰঙাপৰাৰ গাভৰু নদীৰ গৰাখনীয়াত সৰ্বস্বান্ত শতাধিক কৃষক

ৰঙাপৰা, 10 চেপ্তেম্বৰ: গাভৰু নদীৰ খহনীয়াত জাহ গ'ল ৰঙাপৰা সমষ্টিৰ কৃষক ৰাইজৰ কেইবা শ বিঘা কৃষিভূমি। ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগটোৱে নদীখনৰ পাৰত মথাউৰিৰ ব্যৱস্থা নকৰাৰ ফলতে আজি কৃষক ৰাইজৰ শ শ কৃষিভূমি নদীখনৰ বুকুত জাহ যোৱাৰ লগতে ভেলুৱাটাৰ,পগলাবিল গাঁৱত বানপানীৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ৰঙাপৰাৰ গাভৰু নদীৰ গৰাখনীয়াত সৰ্বস্বান্ত শতাধিক কৃষক

উল্লেখ্য যে,চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নদীখনে ৰঙাপৰা সমষ্টিত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে ৷ বানপানীৰ পৰা ৰক্ষা পাবলৈ নদীখনৰ পাৰত স্থানীয় ৰাইজে প্ৰায় 60-70 টকা ব্যয় সাপেক্ষে 500 মিটাৰ দৈৰ্ঘৰ এটা বান্ধ নিৰ্মাণ কৰিছিল যদিও সম্প্ৰতি এই বান্ধটোৰ কোনো অস্তিত্ব নাই ৷ বান্ধটোৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে ঠাকুৰবাৰী গাঁও পঞ্চায়ত এলেকাৰ ভেলুৱাটাৰ গাঁৱত উপস্থিত হয় চি পি আই (এম)ৰ নেতা ৰয়েল চৰেং।

শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ দি চৰেঙে সাংবাদিকৰ আগত কয় যে প্ৰত্যেক বছৰে গাভৰু নদীখনে খহনীয়াৰ সৃষ্টি কৰি ৰাইজৰ ক্ষতি সাধন কৰি আহিছে। নদীখনত বান আৰু গৰাখনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত ঠাকুৰবাৰী গাঁও পঞ্চায়তখনক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কাণসাৰ নিদিলে। যাৰ ফলত স্থানীয় ৰাইজে নিজাববীয়াকৈ গাভৰু নদীত বাঁহ পুতি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লবলৈ বাধ্য হৈছে।

চৰকাৰে নদীখনত স্থায়ীভাৱে গৰাখনীয়া প্ৰতিৰোধৰ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰাৰ উপৰিও চৰকাৰ তথা ঠাকুৰবাৰী গাঁও পঞ্চায়তখনে স্থায়ী সমাধানৰ ব্যৱস্থা নললে ৰাইজৰ সহযোগত চি পি আই (এম)য়ে ৰঙাপৰা উন্নয়ন খণ্ড কাৰ্যালয় ঘেৰাও কৰাৰ কথা নেতা গৰাকীয়ে সদৰী কৰে। নদীখনত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাক লৈও তেওঁ সাংসদ পল্লৱ লোচন দাসক সমালোচনাৰে থকা- সৰকা কৰে ৷

লগতে পঢ়ক: গৰাখহনীয়াই গ্ৰাস কৰিছে মৰিগাঁৱৰ বৃহৎ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.