ETV Bharat / state

ৰঙাপৰাৰ চাহ বাগিচাত জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জুমুঠি

author img

By

Published : Feb 6, 2021, 10:40 PM IST

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰঙাপৰাৰ চাহ বাগিচাত জ্বলিত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জুমুঠি ৷ ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ সভাত চাহ জনগোষ্ঠীয় লোকসকলক অংশগ্ৰহণ কৰাত বাধা আটছাৰ ৷

AS_Rangapara_rangapara-atsa-protest_img_ASC10041
ৰঙাপৰাৰ চাহ বাগিচাত জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জুমুঠি

ৰঙাপৰা,6 ফেব্ৰুৱাৰী: ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ সভাত চাহ জনগোষ্ঠীয় লোকসকলক অংশগ্ৰহণ কৰাত বাধা আটছাৰ ৷ বিগত চাৰে চাৰি বছৰে বিজেপি চৰকাৰখনে চাহ শ্ৰমিক ৰাইজক চৰম প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে ৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত আটছাৰ কৰ্মীসকলে বাগিচাই বাগিচাই জুমুঠি দাহ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

AS_Rangapara_rangapara-atsa-protest_img_ASC10041
ৰঙাপৰাৰ চাহ বাগিচাত জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জুমুঠি

প্ৰতিবাদস্থলীত উপস্থিত থকা আটছাৰ নেতাসকলে কয়, বিগত সময়চোৱাত বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলক বহু প্ৰতাৰণা কৰিলে । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰঙাপৰাৰ ঠাকুৰবাৰী খেল পথাৰত অনুষ্ঠিত হোৱা দলীয় সভাত অংশ গ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ বাগিচাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক হাজিৰা ৩৫১ টকা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । ইয়াৰ উপৰিও বিজেপিয়ে চাহ শ্ৰমিক ৰাইজক মাটিৰ পট্টা আৰু আদিবাসী সকলক জনজাতিকৰণ কৰাৰো প্ৰতিশ্ৰুতি দিছিল । কিন্তু সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আটছাই।

নিৰ্বাচনৰ সময়ত চাহ বাগিচাৰ লোকসকলক লৈ বিজেপিয়ে কেৱল ৰাজনীতি কৰি আহিছে । প্ৰত্যেকবাৰে চাহ বাগিচা অঞ্চলৰ ৰাইজক আভুৱা ভাৰি আহিছে । নিৰ্বাচনৰ আগতে চাহ শ্ৰমিক ৰাইজৰ দৈনিক হাজিৰা ৩৫১ টকা বৃদ্ধি নকৰিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সকীয়াই দিছে আটছাই ৷

লগতে পঢ়ক-প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.