ETV Bharat / state

শোণিতপুৰত ডিচেম্বৰত সম্পূৰ্ণ হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 11,485 টা ঘৰ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 9:59 PM IST

শোণিতপুৰ জিলাত সম্পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰাম্য) 38,741 টা ঘৰ ৷ শোণিতপুৰ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰৱী শইকীয়াৰ সংবাদমেল ৷

Press Meet of CEO Of Sonitpur Zila Parishad
প্ৰধানমন্ত্ৰী আৱাস যোজনা

শোণিতপুৰ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সংবাদমেল

তেজপুৰ, 6 ডিচেম্বৰ : ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আগন্তুক 2024 চনৰ ভিতৰত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলোৰে বাবে পকীঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে ৷ এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ শ্ৰেণীৰ লোকক আৱাস গৃহ নিৰ্মাণ কৰি দিছে চৰকাৰে ৷ সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণ গতিত চলি আছে এই আঁচনিৰ কাম ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীন (পি এম এ ৱাই-জি) এই ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ জৰিয়তে 2024 চনৰ ভিতৰত সকলোৰে বাবে গৃহ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে ৷ এই আঁচনিৰ অধীনত শোণিতপুৰ জিলাত মুঠ 38,741 টা ঘৰ সম্পূৰ্ণ হৈছে ৷ বুধবাৰে এই তথ্য সদৰী কৰে শোণিতপুৰ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰৱী শইকীয়াই ৷ বুধবাৰে শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত তেওঁ কয় যে এই ঘৰসমূহ যোৱা 30 মাহত জিলাখনত সম্পূৰ্ণ হৈছে ৷ এই ঘৰৰ বৰ্তমান ন্যূনতম আকাৰ 25 বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে (20 বৰ্গমিটাৰৰ পৰা) বুলি জানিবলৈ দিয়ে তেওঁ ৷

তেওঁ লগতে কয় যে, পৰিষ্কাৰ-পৰিচ্ছন্ন ৰন্ধা-বঢ়াৰ স্থানৰ সৈতে সমতলভূমিত 1.20 লাখ আৰু পাহাৰীয়া অঞ্চলত 75 হাজাৰ টকাৰ পৰা 1.30 লাখ টকাৰ অনুমোদন দিয়া হয় এই আঁচনিৰ অধীনত ৷ প্ৰথম কিস্তিৰ বাবে মুকলি কৰা ধনৰাশি 32,500 টকা ৷ ইয়াৰ পাছত 48,750 টকাৰ দ্বিতীয় কিস্তি মুকলি কৰা হয় আৰু তাৰ পিছত ছাদৰ কাষ্ট লেভেললৈকে ঘৰটো নিৰ্মাণ কৰাৰ বাবে 48,750 টকাৰ তৃতীয় কিস্তিৰ ধনেৰে ঘৰটো সম্পূৰ্ণ কৰিবলৈ মুকলি কৰি দিয়ে ৷

উল্লেখযোগ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অসমত 2016 চনৰ পৰা 16 লাখ ঘৰ সম্পূৰ্ণ কৰিছে ৷ এই 16 লাখৰ ভিতৰত 12 লাখ ঘৰ সম্পূৰ্ণ কৰিছে যোৱা 30 মাহত ৷ একেদৰে শোণিতপুৰ জিলাত কাৰ্যকৰী হোৱাৰ পিছৰে পৰা অনুমোদিত হৈছে 49,226 আৰু সম্পূৰ্ণ হোৱা ঘৰৰ সংখ্যা হৈছে 38,741 ৷ তেওঁ কয় যে 38,741 টা ঘৰ যোৱা 30 মাহত সম্পূৰ্ণ হৈছে একমাত্ৰ শোণিতপুৰ জিলাত ৷ আনহাতে 11,485 টা ঘৰ সম্পূৰ্ণ কৰিবলৈ আছে আৰু এই ঘৰসমূহ চলিত ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ দুই বিধায়কৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.