ETV Bharat / state

Agniveer recruitment rally: উত্তৰ পূৰ্বাঞ্চলৰ 48000 প্ৰাৰ্থীৰ অগ্নিপথ আঁচনিত অন্তৰ্ভুক্তৰ বাবে নাম পঞ্জীয়ন

author img

By

Published : Nov 10, 2022, 1:33 PM IST

Over 48,000 candidates register in NE for Agniveer recruitment rally
অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 48000 প্ৰাৰ্থী অগ্নিপথ আঁচনিত অন্তৰ্ভুক্তৰ বাবে পঞ্জীয়ন

১ নৱেম্বৰৰ পৰা আগন্তুক ১৯ নৱেম্বৰলৈ অসমৰ ১৩খন জিলাৰ পুৰুষৰ বাবে প্ৰথম পৰ্যায়ত অগ্নিবীৰ জেনেৰেল ডিউটি(Agniveer general duty) , অগ্নিবীৰ কেৰাণী ( Agniveer Clerk) , অগ্নিবীৰ ষ্ট’ৰ কীপাৰ টেকনিকেল (Agniveer Store Keeper Technical) আৰু অগ্নিবীৰ ট্ৰেডছমেনৰ (Agniveer Tradesman) বাবে পঞ্জীয়ন অনুষ্ঠিত হৈছে ।

তেজপুৰ, ১০ নৱেম্বৰ: ভাৰতীয় সেনাৰ বহু চৰ্চিত অগ্নিপথ আঁচনিৰ ( Agnipath scheme) অগ্নিবীৰ মকৰল প্ৰক্ৰিয়া অসমত বিগত ১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামন্তৰালকৈ ওদালগুৰি জিলাত মুঠ তিনিটা পৰ্যায়ত অগ্নিবীৰ নিযুক্তিৰ ৰেলীৰ (Agniveer recruitment rally) প্ৰথম পৰ্যায় আৰম্ভ হৈছে ।

Over 48,000 candidates register in NE for Agniveer recruitment rally
অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 48000 প্ৰাৰ্থী অগ্নিপথ আঁচনিত অন্তৰ্ভুক্তৰ বাবে পঞ্জীয়ন

বিগত ১ নৱেম্বৰৰ পৰা আগন্তুক ১৯ নৱেম্বৰলৈ অসমৰ ১৩খন জিলাৰ পুৰুষৰ বাবে প্ৰথম পৰ্যায়ত অগ্নিবীৰ জেনেৰেল ডিউটি(Agniveer general duty) , অগ্নিবীৰ কেৰাণী ( Agniveer Clerk) , অগ্নিবীৰ ষ্ট’ৰ কীপাৰ টেকনিকেল (Agniveer Store Keeper Technical) আৰু অগ্নিবীৰ ট্ৰেডছমেনৰ (Agniveer Tradesman) বাবে পঞ্জীয়ন অনুষ্ঠিত হৈছে । বৰ্তমানলৈকে মুঠ 48000 হাজাৰ প্ৰাৰ্থীয়ে এই নিযুক্তি পঞ্জীয়নত নাম অন্তৰ্ভুক্ত কৰা বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ তেজপুৰৰ মুখপাত্ৰ লে. কৰ্ণেল এ এছ ৱালিয়াই (Over 48,000 candidates register in NE) ।

তেজপুৰৰ মুখপাত্ৰ লে. কৰ্ণেল এ এছ ৱালিয়াই কয় যে আগন্তুক ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অগ্নিবীৰ নাৰ্চিং এচিষ্টেণ্ট (কাৰিকৰী আৰু পশু চিকিৎসা) আৰু ধৰ্মীয় শিক্ষক শিতানৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ পুৰুষৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিযুক্তি পঞ্জীয়নৰ কাম আৰম্ভ কৰা হ’ব । মহিলা সামৰিক আৰক্ষীৰ বাবে আগন্তুক ২৬ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ মহিলাসকলৰ বাবে তৃতীয় পৰ্যায়ৰ আয়োজন কৰা হ’ব বুলি তেজপুৰৰ মুখপাত্ৰ লে. কৰ্ণেল এ এছ ৱালিয়াই কয় ।

এই নিযুক্তি সমাৱেশ ২৭ নৱেম্বৰ পৰ্যন্ত চলি থাকিব । ৰঙিয়া ডিভিজনৰ ভাৰতীয় সেনা গঠন আৰু সেনা নিযুক্তি কাৰ্যালয়ৰ অধীনত সেনাৰ নাৰেংগী কাৰ্য্যালয় আৰু অসম চৰকাৰৰ ১১টা প্ৰশাসনিক বিভাগ আৰু সংস্থাৰ সৈতে সমন্বয় সাধন কৰি এই সমাৱেশ পৰিচালনাৰ বাবে কাম কৰি আছে ।

মনকৰিবলগীয়া যে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিগত 2 জুলাইত ভাৰতীয় সেনা আৰু নৌসেনাই অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰৰ নিযুক্তিৰ বাবে পঞ্জীয়ন আৰম্ভ কৰাৰ কথা জানিবলৈ দিছিল(Govt announces Agnipath recruitment scheme for armed forces) । কেন্দ্ৰীয় কেবিনেটে বিগত জুন মাহত দেশৰ সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ, যুৱসকলৰ বাবে দেশৰ সেৱা কৰাৰ সুযোগ সৃষ্টি কৰাৰ বাবে অগ্নিপথ আঁচনি উন্মোচন কৰিছিল (Agnipath scheme by GOI) ৷

লগতে পঢ়ক: Earthquake in Assam and Arunachal Pradesh: দুটাকৈ ভূমিকম্পই জোকাৰিলে অসম-অৰুণাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.