আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Sep 30, 2021, 1:18 PM IST

Orang National park is Opening for tourist
আজিৰে পৰা পৰ্যটক বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ()

পৰ্যটন ক্ষেত্ৰলৈ আশাৰ ৰেঙণি ৷ বৃহস্পতিবাৰৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷

তেজপুৰ, ৩০ ছেপ্তেম্বৰ : আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ২০২১-২০২২ বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে বৃহস্পতিবাৰৰে পৰা মুকলি কৰি দিয়া হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰিব মঙলদৈৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ দৰং আৰু শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত । ১৯৮৫ চনতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ৷ তাৰ পাচত ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল ।

Orang National park is Opening for tourist
আজিৰে পৰা পৰ্যটক বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ৰাষ্ট্ৰীয় উদ্যানখনলৈ গুৱাহাটীৰ পৰা ১৫০ কিল’মিটাৰ, মঙলদৈৰ পৰা ৭০ কিল’মিটাৰ আৰু তেজপুৰৰ পৰা ৫৫ কিল’মিটাৰ দূৰত্বত অৱস্থিত ।

লগতে পঢ়ক: নীল আকাশত পুৱাৰ ৰ’দকাঁচিয়লিত জিৰণি লৈছে এজাক পক্ষীয়ে

ইয়াক মিনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (IUCN স্থান) বুলিও জনা যায় ৷ কিয়নো দুয়োখন উদ্যানত জলাভূমি, সোঁত আৰু ঘাঁহনিৰ দ্বাৰা গঠিত একে ধৰণৰ দৃশ্য আছে ৷ এই উদ্যান এশিঙীয়া গঁড়ৰ বিচৰণভূমি ।

তদুপৰি ইয়াত পিগমি হগ, হাতী, বনৰীয়া ম'হ আৰু বাঘ । ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত গঁড়ৰ একমাত্ৰ দুৰ্গ হিচাপেও প্ৰখ্যাত । আনকি এই ৰাষ্ট্ৰীয় উদ্যানত ২২২ বিধ ভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায় । চলিত মাহৰ ২ ছেপ্তেম্বৰত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ "ৰাজীৱ গান্ধী" নামটো উঠাই দিছিল ৷

লগতে পঢ়ক: ধেমাজিৰ মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.