ETV Bharat / state

NHRCCB letter to DGP Assam : আৰক্ষী থানাত চিচিটিভি কেমেৰা স্থাপনৰ বাবে DGP লৈ বিশেষ পত্ৰ

author img

By

Published : Apr 1, 2023, 1:27 PM IST

NHRCCB letter to DGP Assam
আৰক্ষী থানাত চিচিটিভি কেমেৰা স্থাপনৰ বাবে DGPলৈ বিশেষ পত্ৰ

অসমৰ প্ৰতিখন আৰক্ষী চকী আৰু থানাত চিচিটিভি কেমেৰা স্থাপনৰ নিৰ্দেশ (SC order to install CCTV camera in Police station)। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ বিশেষ পত্ৰ প্ৰেৰণ সঞ্চালক প্ৰধানলৈ । পত্ৰখনৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সকলো থানাতে চিচিটিভি কেমেৰা স্থাপনৰ আহ্বান ।

তেজপুৰ, ১ এপ্ৰিল : ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । স্বচ্ছতা আৰু নিৰ্ধাৰিত দায়িত্ব নিশ্চিত কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী থানাত চিচিটিভি কেমেৰা স্থাপনৰ ঐতিহাসিক নিৰ্দেশ আদালতৰ (SC order to install CCTV camera in Police station)। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'য়ে(অসম) এই সন্দৰ্ভত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈও বিশেষ পত্ৰ প্ৰেৰণ কৰিছে ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'(অসম)ৰ ৰাজ্যিক সভাপতি নিশান্ত থৰ্ডে ৰাজ্যৰ সকলো থানাতে চিচিটিভি কেমেৰা স্থাপনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এই পত্ৰ প্ৰেৰণ কৰিছে (NHRCCB letter to DGP Assam)। আইনৰ সু-শাসন বজাই ৰখাৰ লগতে নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও এই আদেশ অতি গুৰুত্বপূৰ্ণ ।

NHRCCB letter to DGP Assam
আৰক্ষী থানাত চিচিটিভি কেমেৰা স্থাপনৰ বাবে DGPলৈ বিশেষ পত্ৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অসমৰ সকলো থানাতে চিচিটিভি কেমেৰা স্থাপন কৰাটো অতি প্ৰয়োজনীয় । অসমৰ বহু আৰক্ষী চকীত এতিয়াও চিচিটিভি কেমেৰা লগোৱা নাই অথবা বহু থানাত বৰ্তমান কেমেৰাবোৰ কাৰ্যক্ষম হৈ নথকা বিষয়টো অতিশয় চিন্তনীয় । এই সন্দৰ্ভত ২০১৮ চনৰ ৩ এপ্ৰিলত পৰমবীৰ সিং ছাইনী বনাম বলজিৎ সিঙৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত (২০১৭ চনৰ অপৰাধমূলক আপীল নং ৮৪৪) স্পষ্টকৈ উল্লেখ আছে যে সকলো থানা চৌহদত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগে আৰু এই কথাও নিশ্চিত হ'ব লাগিব যে সেইবোৰ কাৰ্যক্ষম হৈ আছে (CCTV camera in Police station)।

আদেশত উল্লেখ কৰা হৈছে যে চিচিটিভি কেমেৰা এনেদৰে স্থাপন কৰিব লাগিব যাতে লক-আপ, ভিতৰৰ অহা যোৱা পথ আৰু আৰক্ষী চকীৰ প্ৰৱেশদ্বাৰকে ধৰি সকলো অঞ্চল সামৰি লোৱা হয় । সেই নিৰ্দেশ মৰ্মে কেমেৰাৰ পৰা পোৱা ফুটেজ কমেও এবছৰৰ বাবে সংৰক্ষণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক উপলব্ধ কৰাব লাগে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ' (অসম)ৰ সভাপতি নিশান্ত থৰ্ডে সংগঠনটোৰ ৰাজ্যিক সংবাদ মাধ্যমৰ বিষয়া মৃন্ময় কুম‍াৰ নাথৰ জৰিয়তে সংবাদ মাধ্যমলৈ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে (NHRCCB Assam)।

বিজ্ঞপ্তিটোত কোৱা হৈছে যে আইনক সন্মান জনোৱা আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাটো দেশৰ নাগৰিক হিচাপে সকলোৰে দায়িত্ব । সকলো আৰক্ষী চকীত চিচিটিভি কেমেৰা স্থাপন কৰাটো এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে । ইয়াৰ দ্বাৰা কেৱল আৰক্ষীৰ জিম্মাত দোষী অথবা ব্যক্তিৰ হিংসা ৰোধ কৰাই নহয়, থানা চৌহদত কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হ'লে দোষীক চিনাক্ত কৰাতো সহায়ক হ'ব ।

লগতে পঢ়ক :Thief terror in Nagaon : নগাঁৱত আৰক্ষীৰ চৰকাৰী আৱাসতে চোৰৰ লুটপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.