ETV Bharat / state

তেজপুৰত উদযাপন কৰা হ'ল ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

author img

By

Published : Mar 1, 2021, 5:48 PM IST

দেওবাৰে তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠান খনৰ অধ্যক্ষ ড° আব্দুল বাকি আহমেদে এখন আন্ত:মহাবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে ৷

তেজপুৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
তেজপুৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

তেজপুৰ,১ মাৰ্চ: তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সত দেওবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট বক্তা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ড° উৎপল বৰা আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ডিফেনছ ৰিচাৰ্ছ লেৱৰেট'ৰিৰ বৈজ্ঞানিক ড° প্ৰণভেশ চট্টোপাধ্যায়।

তেজপুৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
তেজপুৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নৱ প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান খনৰ অধ্যক্ষ ড° আব্দুল বাকি আহমেদে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনক বিষয়বস্তু হিচাপে লৈ এখন আন্ত:মহাবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে ৷ য'ত শোণিতপুৰ আৰু দাঁতি কাষৰীয়া জিলা সমূহৰ বিভিন্ন বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰায় 30 গৰাকীৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: প্ৰশাসনে ছীল মৰা অট্টালিকাত চলিল অবৈধ নিৰ্মাণ কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.