ETV Bharat / state

Mysterious Death at Sootea : 200 টকাৰ বাবেই স্বামী-স্ত্ৰীৰ কাজিয়া; পত্নীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Nov 9, 2022, 8:54 PM IST

Mysterious Death at Sootea
200 টকাৰ বাবেই স্বামী-স্ত্ৰীৰ কাজিয়া; পত্নীৰ ৰহস্যজনক মৃত্যু

মাত্ৰ 200 টকাৰ বাবেই স্বামী-স্ত্ৰীৰ মাজত তীব্ৰ-বিতণ্ডা আৰু তাৰ পাছতে পত্নীৰ ৰহস্যজনক মৃত্যু ৷ স্বামীৰ মন্তব্য অনুসৰি আত্মহত্যা কৰিছে পত্নীয়ে ৷ বিপৰীতে মাটিত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ঘটনাটো শোণিতপুৰৰ চতিয়াৰ (Mysterious Death at Sootea)৷

চতিয়া, ৯ নৱেম্বৰ : চতিয়াৰ জয়সিদ্ধিৰ গনেশপুৰৰ এগৰাকী ২২ বছৰীয়া মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ মাত্ৰ 200 টকাৰ বাবেই এই আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

জানিব পৰা মতে, জয়সিদ্ধিৰ নিৱাসী দিব্যজ্যোতি নাথে পত্নী মিতালী দেৱীক উপাৰ্জন কৰি অনা ১৭০০ টকাৰ পৰা ৫০০ টকা জমা দিছিল ৷ ইয়াৰ পাছতে দিব্যই নিজৰ মটৰচাইকেলখন মেৰামতি কৰোৱাৰ বাবে ওলাই গৈছিল আৰু বাকী থকা সমস্ত ধন খৰচ কৰিছিল ৷ ইয়াৰ পাছতে ঘৰৰ ওচৰৰে মৃতকৰ ঘৰলৈ যোৱাৰ বাবে দিব্যৰ পিতৃক টকাৰ প্ৰয়োজন হোৱাত দিব্যই পত্নীক দি যোৱা ৫০০ টকাৰ পৰা ২০০ টকা দিবলৈ কৈছিল ৷

পত্নী মিতালী দেৱীয়ে সেই টকা দিবলৈ অমান্তি হোৱাত দুয়োৰে মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি, এই কাজিয়াই চূড়ান্ত ৰূপ লৈ অৱশেষত মিতালী দেৱীয়ে আত্মহত্যা কৰিবলগীয়া পৰ্যায় পালেগৈ ৷ পৰৱৰ্তী সময়ত দিব্যজ্যোতি নাথ ঘৰলৈ আহি পত্নী মিতালীক মাত দিয়ে যদিও সহাঁৰি লাভ নকৰি খিৰিকীৰে কোঠাৰ ভিতৰলৈ চোৱাত মিতালীয়ে ডিঙিত চাদৰৰে চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰা বুলি জানিবলৈ দিয়া (Mysterious Death at Sootea)৷

200 টকাৰ বাবেই স্বামী-স্ত্ৰীৰ কাজিয়া; পত্নীৰ ৰহস্যজনক মৃত্যু

আনহাতে ঘটনাস্থলীত ইটাখোলা আৰক্ষী চকীৰ বিষয়া ভাস্কৰজ্যোতি শইকীয়া ঘটনাস্থলীত উপস্থিত হৈ মিতালীৰ মৃতদেহটো মাটিত পৰি থকা অৱস্থাতহে প্ৰত্যক্ষ কৰে (Woman death at Sootea)৷ সন্দেহজনকভাৱে মাটিত পৰি থকা অৱস্থাৰ পৰা মৃতদেহটো ইটাখোলা আৰক্ষী চকীলৈ লৈ যোৱা হয় ৷

ইফালে মিতালীৰ পিতৃ-মাতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড হিচাবে অভিযোগ উত্থাপন কৰিছে ৷ এই অভিযোগ সম্বলিত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে সোধ-পোছৰ বাবে মিতালীৰ স্বামী দিব্যজ্যোতি নাথক আটক কৰিছে ৷ ইফালে মিতালীক দিব্যজ্যোতিয়ে বিভিন্ন কথাৰে হাৰাশাস্তি কৰিছিল আৰু যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আত্মহনন কৰাৰো(Housewife suicide at Sootea) সন্দেহ কৰা হৈছে ৷

ইতিমধ্যে তেজপুৰ মেডিকেল কলেজত(Tezpur medical college) মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টতহে প্ৰকৃত ৰহস্য ফাদিল হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : Family Planning Month : তেজপুৰত পৰিয়াল পৰিকল্পনা মাহ আৰু পুৰুষ বন্ধ্যাকৰণ পষেকৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.