ETV Bharat / state

চতিয়াত বিধায়ক মৃণাল শইকীয়াৰ বিস্ফোৰণঃ পাকিস্তান পন্থী বিৰোধী দল

author img

By

Published : Aug 1, 2020, 8:51 PM IST

Updated : Aug 1, 2020, 10:42 PM IST

ঘটনাস্থলীত উপস্থিত হৈ বহু বিস্ফোৰক মন্তব্য কৰে খুমটাইৰ বিধায়ক গৰাকীয়ে ৷ সমৰ বিৰোধী দল এতিয়া পাকিস্তান পন্থী বুলি কয় তেওঁ ৷

চতিয়াত বিধায়ক মৃণাল শইকীয়া বিস্ফোৰণঃ পাকিস্তান পন্থী বিৰোধী দল
চতিয়াত বিধায়ক মৃণাল শইকীয়া বিস্ফোৰণঃ পাকিস্তান পন্থী বিৰোধী দল

চতিয়া,1 আগষ্টঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটত যোৱা ৩০ জুলাইত একাংশ সন্দেহজনক নাগৰিকৰ হাতত চক্ৰ বিষয়া, আৰক্ষী বিষয়াসহ 12 জনকৈ খিলঞ্জীয়া লোক আক্ৰমণৰ বলি হোৱাৰ পিছত আজি জীয়া ভৰলী নদীৰ পাৰৰ সেই ঘটনাস্থলী পৰিদৰ্শন কৰে খুমতাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

চতিয়াত বিধায়ক মৃণাল শইকীয়া বিস্ফোৰণঃ পাকিস্তান পন্থী বিৰোধী দল

বিধায়ক গৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি নাম নোলোৱাকৈয়ে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক কটাক্ষ কৰে ৷ তেওঁ কয় যে,একাংশ জাতীয় সংগঠন,কৃষক সংগঠন আৰু ভুৱা বুদ্ধিজীৱীৰ পৰা লাভ কৰা সাহসৰ বাবেই সন্দেহজনক বাংলাদেশী নাগৰিকে এইদৰে খিলঞ্জীয়াৰ ওপৰত জপিয়াই পৰিবলৈ সুবিধা পাইছে ৷ নেতা বনোৱা এগৰাকী কৃষক নেতা আজি জেলত নথকা হ'লে এইসকল সন্দেহজনক লোকক সপক্ষে ওকালতি কৰিবলৈ জামুগুৰিহাটত উপস্থিত হ'লহি হেতেন বুলি তেওঁ উল্লেখ কৰে ৷

নগাঁও,মৰিগাঁও,দৰঙৰ পাছত এতিয়া শোণিতপুৰ জিলাখনো বাংলাদেশী নাগৰিকৰ হাতলৈ নিবলৈ ভয়াৱহ পৰিকল্পনা চলা বুলি উল্লেখ কৰি বিধায়ক শইকীয়াই এই ক্ষেত্ৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসী ৰূপ বাধা দিয়াৰ ক্ষেত্ৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ দৰে সাহসৰে আগবাঢ়ি আহিব লাগিব বুলিও প্ৰকাশ কৰে ৷ খিলঞ্জীয়াৰ ওপৰত হোৱা ভয়াৱহ আক্ৰমণৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই খিলঞ্জীয়াৰ পক্ষ ন'লৈ সন্দেহজনক নাগৰিকৰ পক্ষ লোৱা বুলি অভিযোগ কৰি অসমৰ বিৰোধী দল এতিয়া পাকিস্তান পন্থী বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় ৷

অসমত এতিয়া এটা হিন্দুস্থান পন্থী আৰু আন এটা পাকিস্তান পন্থী বুলি দুটা পন্থী থকা বুলি উল্লেখ কৰি পাকিস্তান পন্থীৰ দ্বাৰা শোণিতপুৰ খনো দ্বিতীয় বাংলাদেশত পৰিণত কৰোৱাৰ ষড়যন্ত্ৰ চলা বুলি তাৎপযপূৰ্ণ মন্তব্য আগবঢ়াই ৷ ঘটনাস্থলী বিধায়ক মৃণাল শইকীয়াই পৰিদৰ্শন কৰাৰ সময়ত তেওঁৰ সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

আনহাতে,ঘটনা সংঘটিত হোৱাৰ দিনা পদ্ম হাজৰিকাই হাতত বন্দুক লৈ আহিছে বুলি কৰা প্ৰশ্নৰ উত্তৰত বিজেপিৰ বিধায়ক গৰাকীয়ে কয় যে,আমি লাচিতৰ দেশৰ মানুহ ৷ হাতত ৰাইফল লৈ যাব পাৰে ৷ ময়ো যাওঁ য’ত ত’ত ৷

লগতে পঢ়কঃ PSAৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ : চিদাম্বৰম

Last Updated :Aug 1, 2020, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.