ETV Bharat / state

বদৰুদ্দিন আজমলৰ চিন্তাই হ’ল হিন্দু-মুছলমানৰ মাজত কাজিয়া লগোৱা: অশোক সিংহল

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 9:54 PM IST

Minister Ashok Singhal
তেজপুৰত মন্ত্ৰী অশোক সিংহল

Minister Ashok Singhal : বদৰুদ্দিন আজমলে মুছলমান সমাজক সদায় বিপথে পৰিচালিত কৰে ৷ আজমলৰ চিন্তাই হ’ল হিন্দু-মুছলমানৰ মাজত কাজিয়া লগোৱা ৷ এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷

বদৰুদ্দিন আজমলক সমালোচনা মন্ত্ৰী অশোক সিংহলৰ

তেজপুৰ, 6 জানুৱাৰী : "বদৰুদ্দিন আজমলৰ কথা মুছলমান সমাজে শুনাৰ প্ৰয়োজন আছে বুলি বোধ নকৰো ৷ যিসকল ভাৰত মাতৃৰ সন্তান, আই অসমীক ভাল পায়, তেখেত সকলে বদৰুদ্দিন আজমলৰ কথা শুনাৰ কোনো যুক্তি দেখা নাই ৷" এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷ বদৰুদ্দিন আজমলে ৰাম মন্দিৰ সম্পৰ্কত কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত শনিবাৰে তেজপুৰত উপস্থিত হৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী সিংহলে ৷

মন্ত্ৰী অশোক সিংহলে কয় যে, বদৰুদ্দিন আজমলে মুছলমান সমাজক সদায় বিপথে পৰিচালিত কৰে ৷ তেখেতৰ চিন্তাই হ’ল কেনেদৰে হিন্দু আৰু মুছলিমে কাজিয়া কৰিব ৷ কেনেদৰে হিন্দু আৰু মুছলিমৰ মাজত বিভেদ হ’ব সেইটোহে আজমলৰ চিন্তা বুলি মন্তব্য কৰে মন্ত্ৰী সিংহলে ৷ গতিকে আজমলৰ চিন্তা মুছলমান সমাজে ল’ব নালাগে বুলি কয় তেওঁ ৷

ইফালে আলফা স্বাধীনৰ সাৰ্বাধিনায়ক পৰেশ বৰুৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, সমগ্ৰ অসমবাসীয়ে পৰেশ বৰুৱা ঘূৰি অহাটো বিচাৰিছে ৷ তেওঁ ঘূৰি অহাটো সকলোৱে বিচাৰে বুলি কয় তেওঁ ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিজেপি চৰকাৰৰ দিনত অসমত স্থায়ী শান্তি ঘূৰি আহিছে ৷

আনহাতে 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন ৰাজ্যৰ চৰকাৰে উক্ত দিনা ৰাজ্যিক বন্ধৰ বিষয়ে চিন্তা-চৰ্চা কৰা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে চিন্তা-চর্চা কৰি আছে আৰু ভাল চিন্তাই কৰিব ৷ লগতে শুকুৰবাৰে নগাওঁ জিলা আয়ুক্তই গুৱাহাটীৰ এগৰাকী সাংবাদিকক নীগ্ৰহ কৰাৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে তেজপুৰৰ ভূপেন হাজৰিকা কলা ভূমিত অনুষ্ঠিত জিলা ভিত্তিত সংস্কৃতিক মহাসংগ্ৰামৰ বিজয়ী প্ৰাৰ্থী সকলক বঁটা প্ৰদান কৰি তেওঁ কয় যে খেল মহাৰণৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰত শোণিতপুৰ জিলাই উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : ২০ ৰ পৰা ২৫ জানুৱাৰীলৈ মুছলমানসকলক ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.