ETV Bharat / state

Manipur Crisis: মিজোৰামত আশ্ৰয় লোৱা মণিপুৰৰ মেটেইক মিজোৰাম ত্যাগ কৰাৰ আহ্বান

author img

By

Published : Jul 21, 2023, 9:31 PM IST

মিজোৰামত আশ্ৰয় লৈ থকা মেইটেইসকলক মিজোৰাম ত্যাগ কৰাৰ আহ্বান ৷ মিজোৰামৰ এম এন এফ শান্তি চুক্তি ৰিটাৰ্ণীজ এছ’চিয়েশ্যনৰ প্ৰাক্তন কেডাৰসকলে জনাইছে এই আহ্বান ৷

Manipur Crisis
Manipur Crisis

তেজপুৰ, ২১ জুলাই: মণিপুৰৰ হিংসাত্মক ঘটনাই সম্প্ৰতি চুবুৰীয়া ৰাজ্য মিজোৰামকো জোকাৰিছে । ফলস্বৰূপে মিজোৰামত বসবাস কৰা মণিপুৰৰ মেটেইসকলক মিজোৰামৰ পৰা যোৱাৰ বাবে আহ্বান জনাইছে এম এন এফ শান্তি চুক্তি ৰিটাৰ্ণীজ এছ’চিয়েশ্যনৰ প্ৰাক্তন কেডাৰসকলে ।

মিজো নেচেনেল ফ্ৰণ্টৰ এমএনএফ ৰিটাৰ্ণীজ এছ’চিয়েশ্যনৰ (Peace accord MNF returnees Asssociation) পূৰ্বৰ আণ্ডাৰগ্ৰাউণ্ড প্ৰাক্তন কেডাৰসকলে শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মিজোৰামত থকা মণিপুৰৰ মেটেইসকলক মিজোৰাম ত্যাগ কৰিবলৈ আহ্বান জনাইছে ।

Manipur Crisis
PAMRAয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি

মিজো ভাষাত লিখা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কোনো নিৰ্দিষ্ট সময়সীমা নিদিয়াকৈ এছ’চিয়েশ্যনৰ তৰফৰ পৰা বৰ্তমান মণিপুৰৰ হিংসাত্মক পৰিস্থিতি অধিক উত্তেজিত হোৱাৰ লগে লগে তেওঁলোকে মিজোৰামত বাস কৰা মেটেই সম্প্ৰদায়ক গুচি যাবলৈ কয় ৷ পৰৱৰ্তী সময়ত কোনো পৰিস্থিতিতে তেওঁলোকৰ দায়িত্ব লোৱা নহ’ব বুলিও বিজ্ঞপ্তিখনত উল্লেখ কৰা হয় ।

লগতে উল্লেখ কৰে যে যদি কোনো লোকে মিজোৰামত থাকিব বিচাৰে তেন্তে তেওঁলোকৰ দায়িত্ব মিজোৰামৰ নহয় । উল্লেখ্য যে সামূহিকভাৱে কুকি নামেৰে জনাজাত কুকি-হমাৰ-জোমি-মিজো সম্প্ৰদায়সমূহে মিজোসকলৰ সৈতে জাতিগত সম্পৰ্ক আছে ৷

মিজোৰামৰ গৃহ বিভাগৰ তথ্য অনুসৰি ১৬ জুলাইলৈকে মণিপুৰৰ পৰা মুঠ ১১,৩২৮ জন স্থানচ্যুত লোক মিজোৰামত প্ৰৱেশ কৰি আশ্ৰয় লৈ আছে । মণিপুৰৰ ৰাজ্যপালৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমানেও ৫ হাজাৰৰ অধিক লোকে বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে প্ৰায় ১৫০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু হাজাৰ লোক গৃহহীন হয় ।

উল্লেখ্য যে শেহতীয়াকৈ দুগৰাকী কুকি মহিলাক উলংগ কৰি সমদল কৰা ঘটনা পোহৰলৈ অহাৰ পাচতেই অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি ৷

লগতে পঢ়ক: Manipur Horror : নাৰী নিৰ্যাতনৰ ৪ অভিযুক্তক ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.