ETV Bharat / state

গাভৰু নৈৰ খহনীয়াত ৰঙাপৰাত বিস্তৰ ক্ষতিসাধন

author img

By

Published : Sep 21, 2020, 10:58 AM IST

গাভৰু নদীৰ ব্যাপক গৰাখহনীয়াত ৰঙাপৰাৰ ধেন্দাই চাহ বাগিছাকে ধৰি আন একাংশ স্থানত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে ৷

গাভৰু নৈৰ ব্যাপক খহনীয়া
গাভৰু নৈৰ ব্যাপক খহনীয়া

ৰঙাপৰা, 21 ছেপ্তেম্বৰ: ৰঙাপৰাত গাভৰু নদীৰ ব্যাপক গৰাখহনীয়াত জাহ গ'ল ধেন্দাই চাহ বাগিছাৰ বিস্তৰ ভূমি ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নৈৰ বান আৰু খহনীয়াই প্ৰতি বছৰেই তাণ্ডৱ চলাই আহিছে ৷ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিছাখনকে ধৰি আন একাংশ স্থানতো গাভৰু নৈৰ বান-খহনীয়াই কৰিছে বিস্তৰ ক্ষতিসাধন ৷

ৰঙাপৰাত গাভৰু নৈৰ খহনীয়াত বিস্তৰ ক্ষতিসাধন

বাগিছাখনৰ কাষেৰে বৈ যোৱা গাভৰু নদীৰ পাৰত মণিপুৰ ব্লক নামাকৰণ কৰি আই, জে, এল আৰু বি নামেৰে চাৰিটা খণ্ড কৰা হৈছে ৷ চাৰিওটা খণ্ডৰে প্ৰায় ১৫ হেক্টৰ বাগিছাৰ ভূমি জাহ যায় গাভৰু নৈৰ বুকুত ৷ বাগিছা কৰ্তৃপক্ষই ৰোপন কৰা প্ৰায় ২ লাখ চাহ গছ ইতিমধ্যে নৈখনৰ বুকুত বিলীন হ'ল ৷ এই পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়তে পল্লৱ লোচন দাস ধেন্দাই চাহ বাগিছাত উপস্থিত হৈছিল ৷ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই সমস্যাৰ স্থায়ী সমাধানৰ ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এই পৰ্যন্ত সেই প্ৰতিশ্ৰুতি ফলপ্ৰসু হৈ নুঠিল ৷ বাগিছা কৰ্তৃপক্ষয়ো ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে বাগিছা খন ৷ যদিহে অনতিপলমে চৰকাৰ কিম্বা কৰ্তৃপক্ষই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বাগিছা খন নৈৰ বুকুত সম্পূৰ্ণ জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক: অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.