ETV Bharat / state

আজাদী কি অমৃত মহোৎসৱ উপলক্ষে এছ এছ বি তেজপুৰ ফ্ৰণ্টিয়াৰৰ সমূহীয়া দৌৰ

author img

By

Published : Aug 13, 2021, 9:01 PM IST

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান মূহুৰ্ত বাকী ৷ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে এছ এছ বি তেজপুৰ ফ্ৰণ্টিয়াৰৰ উদ্যোগত বাহিৰ কৰা হয় সমূহীয়া ৰেলী ৷

mass-race-by-ssb-tezpur-frontier-on-the-occasion-of-azadi-ki-amrit-festival
আজাদি কি অমৃত মহোৎসৱঃ এছ এছ বি তেজপুৰ ফ্ৰণ্টিয়াৰৰ সমূহীয়া দৌৰ

তেজপুৰ,13 আগষ্ট : দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সশস্ত্ৰ সীমা সুৰক্ষা বল(SSB)তেজপুৰ ফ্ৰণ্টিয়াৰে আয়োজন কৰিলে সামূহিক দৌৰ ৷ শুকুৰবাৰে তেজপুৰ চহৰৰ চিত্ৰলেখা উদ্যানৰ পৰা শুভাৰম্ভ কৰা হয় এই ৰেলীৰ ৷ তেজপুৰ জিলা ক্ৰীড়া বিভাগ আৰু আই টি বি পি(ITBP)ৰ জোৱান সকলেও এই সমূহীয়া ৰেলীত অংশগ্ৰহণ কৰে ৷ এছ এছ বিৰ তেজপুৰ ফ্ৰণ্টিয়াৰ মহা পৰিদৰ্শক কে গুপ্তাই এই অনুষ্ঠানৰ ফ্লেগ অফ কৰে ৷

mass-race-by-ssb-tezpur-frontier-on-the-occasion-of-azadi-ki-amrit-festival
এছ এছ বি তেজপুৰ ফ্ৰণ্টিয়াৰৰ সমূহীয়া দৌৰ

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় পি ঘনাৱট আৰু এছ এছ বি শালনিবাৰী ডি আই জি সৌমিত যোশী আৰু সীমা বলৰ বিষয়া তথা জোৱানে ৷ উল্লেখ্য যে,তেজপুৰ জিলা ক্ৰীড়া বিভাগ আৰু আই টি বি পি ৰ জোৱান সকলে অংশগ্ৰহণ কৰা তথা শুকুৰবাৰে আৰম্ভণি হোৱা এই দৌৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত একে সময়তে শুভাৰম্ভ কৰে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷

গৃহ বিভাগৰ সুৰক্ষা বাহিনী এছ এছ বি(SSB), আই টি বি পি (ITBP), বি এছ এফ(BSF),চি আৰ পি এফ(CRPF) ,কেন্দ্ৰীয় বাহিনী ৰেলৱে, এন এছ জিকে ধৰি মুঠ 9 টা সুৰক্ষা বাহিনীয়ে এই অনুষ্ঠানত ভাগ লয় ৷ এই অনুষ্ঠানত সকলোৱে দেশৰ 75 সংখ্যক স্বাধীনতাৰ উপলক্ষে অমৃত উৎসৱৰ শপত গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.