ETV Bharat / state

ৰঙাপাৰাত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুলাই মদ

author img

By

Published : Apr 27, 2020, 11:15 AM IST

এই সময়ছোৱাত চৰকাৰী নিৰ্দেশ অনুসৰি অনুজ্ঞা পত্ৰ থকা সুৰাৰ বিপণী সমূহ বন্ধ হৈ আছে ৷ কিন্তু তাৰ বিপৰীতে বন্ধ হোৱা নাই চুলাই তথা দেশীয় সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷

Liquer seized at Rangapara
ৰঙাপাৰাত সুলভ মূল্যৰ দোকানৰ এজেন্টৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমানৰ চুলাই মদ

ৰঙাপাৰা, 27 এপ্ৰিল: সমগ্ৰ দেশতে বাহাল আছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ এই সময়ছোৱাত চৰকাৰী নিৰ্দেশ অনুসৰি অনুজ্ঞা পত্ৰ থকা সুৰাৰ বিপণী সমূহ বন্ধ হৈ আছে ৷ কিন্তু তাৰ বিপৰীতে বন্ধ হোৱা নাই চুলাই তথা দেশীয় সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ এই তথ্য পোহৰলৈ আহিছে আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ পিছত ৷ লক ডাউনৰ মাজতে একাংশই চলাইছে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় ৷ অভিযানত সুলভ মূল্যৰ দোকানৰ এজেন্টৰ ঘৰতো উদ্ধাৰ বৃহৎ পৰিমাণৰ চুলাই মদ ৷

ৰঙাপাৰাত সুলভ মূল্যৰ দোকানৰ এজেন্টৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমানৰ চুলাই মদ

দেওবাৰে শোণিতপুৰ জিলাৰ চুৰীয়াবিলত চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে আৰক্ষীৰ সহযোগত তেজপুৰ আৰু ৰঙাপৰা আবকাৰী বিভাগে যুটীয়া ভাৱে চলাইছিল অভিযান ৷ এই অভিযানত চুৰীয়াবিলৰ সুলভ মূল্যৰ দোকানৰ এজেন্ট বিপিন ৰামচিয়াৰীৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় বৃহৎপৰিমাণৰ দেশীয় সুৰা ৷ এই ঘটনাই আচৰিত কৰিছে সকলোকে ৷ বিপিন ৰামচিয়াৰীয়ে উক্ত মদখিনি চৰকাৰে দৰিদ্ৰ হিতাধিকাৰীক প্ৰদান কৰা চাউলৰে তৈয়াৰ কৰিছিল নে অন্য চাউলৰে তৈয়াৰ কৰিছিল সেয়া এতিয়া ডাঙৰ প্ৰশ্ন ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়কঃ গাহৰিৰ অচিন ৰোগে নিদ্ৰা হৰিছে চৰকাৰৰঃ মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.