ETV Bharat / state

29th Kuki Black Day: নৃশংসতাৰ স্মৃতি সুঁৱৰি মণিপুৰত ক’লা দিৱস পালন

author img

By

Published : Sep 13, 2022, 10:57 PM IST

নৃশংসতাৰ স্মৃতি সুঁৱৰি মণিপুৰত ক’লা দিৱস পালন
নৃশংসতাৰ স্মৃতি সুঁৱৰি মণিপুৰত ক’লা দিৱস পালন

মঙলবাৰে মণিপুৰত পালন কৰা হ’ল 29 সংখ্যক ক’লা দিৱস ৷ ১৯৯৩ চনৰ ১৩ ছেপ্টেম্বৰত ইছাক মুইভাৰ নেতৃত্বত নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অব্ নাগালেণ্ডৰ নিৰ্দেশনাত চলা নিশংসতাক সুঁৱৰি প্ৰতিবছৰে পালন কৰি অহা হৈছে এই কুকি ক’লা দিৱস (29th Kuki black day)৷

তেজপুৰ, ১৩ ছেপ্টেম্বৰ : নৃশংসতাৰ স্মৃতি সুঁৱৰি মঙলবাৰে মণিপুৰৰ কুকি সাম্প্ৰদায়ৰ লোকসকলে 29 বছৰীয়া ক'লা দিৱস পালন কৰে (29th Kuki black day)। মণিপুৰ ৰাজ্যৰ 29 বছৰীয়া ক’লা দিৱসত শোক প্ৰকাশ কৰিবলৈ সমবেত হয় সকলো কুকি বসতিপ্ৰধান অঞ্চলৰ বাসিন্দাসকল৷ ক’লা দিৱস পালন উপলক্ষে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ ৰখা হয় ।

পদ পথত থকা সৰু সৰু স্মৃতিসৌধত ক’লা পতাকা লগাই শোক দিৱস পালন কৰে । আনহাতে বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয়সমূহো সম্পূৰ্ণৰূপে বন্ধ ৰাখে । কুকি জনগোষ্ঠীৰ প্ৰতিখন বাসগৃহ আৰু গাঁৱৰ প্ৰৱেশদ্বাৰত ক’লা পতাকা উত্তোলন কৰাৰ লগতে ৰাতিপুৱা গীৰ্জাসমূহত প্ৰাৰ্থনা সভা অনুষ্ঠিত পৰম্পৰা অনুসৰি মৃতকৰ সদগতি কামনা কৰে ।

নৃশংসতাৰ স্মৃতি সুঁৱৰি মণিপুৰত ক’লা দিৱস পালন

উল্লেখ্য যে, ১৯৯৩ চনৰ ১৩ ছেপ্টেম্বৰত ইছাক মুইভাৰ নেতৃত্বত নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অব্ নাগালেণ্ড তথা বৰ্তমানৰ NSCN(I M) ৰ নিৰ্দেশনাত নগা আক্ৰমণকাৰীৰ এটা দলে এহেজাৰৰো অধিক নিৰীহ কুকি জনগোষ্ঠীৰ লোকক নৃশংসভাৱে হত্যা কৰিছিল আৰু প্ৰায় ৩৬০ খন কুকি গাঁও নিঃশেষ কৰি পেলাইছিল (NSCN IM attack 1993) ৷ যাৰ ফলত এক লাখতকৈ অধিক কুকি লোকৰ গৃহহাৰা হয় ।

১৯৯৫ চনত উক্ত নিশংস কাণ্ডক জৌপি হত্যাকাণ্ড হিচাবে অভিহিত কৰে ৷ যিহেতু উক্ত হত্যাকাণ্ডত সৰ্বাধিক ধৰ্ষণ, হত্যা, অংগচ্ছেদৰ লগতে শিৰচ্ছেদ দৰে ঘটনাও সংঘটিত হৈছিল ৷ ১৯৯৫ চনৰ ০৭ ছেপ্টেম্বৰত কুকি ইংপিৰ(Kuki inpi Manipur) তত্বাৱধানত অনুষ্ঠিত এক সভাৰ জৰিয়তে ১৩ ছেপ্টেম্বৰৰ দিনটো ক’লা দিৱস হিচাবে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

উল্লেখ্য যে মঙলবাৰে কুকি লোকসকলে নিজা বাসগৃহৰ লগতে ৰাজহুৱা স্থান, বাছ আৰু অটো-ৰিক্সাত ক’লা পতাকা উত্তোলন কৰে । ৰাজপথসমূহত নিৰ্জনতাৰ লগতে স্বাভাৱিক জীৱন স্তব্ধ হৈ পৰা দেখা যায় মঙলবাৰে ৷ NSCN(I M)ৰ নিশংসতাৰ বলি হৈ প্ৰাণ হেৰুওৱাসকলৰ স্মৃতিত গীৰ্জাসমূহত বিশেষ প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয় । এন এছ চি এন-আই এমে হত্যা কৰা লোকসকলৰ পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক: তিনি অসমীয়াক অপহৰণ কৰি নগা দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.