ETV Bharat / state

চকিঘাটত প্ৰশাসন, আৰক্ষী তথা স্থানীয় যুৱকক কৰা আক্ৰমণৰ ঘটনাক ছাত্ৰ সন্থাৰ গৰিহণা

author img

By

Published : Aug 1, 2020, 12:25 AM IST

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নৈপৰীয়া চকিঘাটত খিলঞ্জীয়া যুৱক আৰু প্ৰশাসনৰ ওপৰত বৃহস্পতিবাৰে একাংশ সন্দেহজন নাগৰিকে কৰা পৰিকল্পিত আক্ৰমণৰ ঘটনাক সদৌ জামুগুৰি ছাত্ৰ সন্থাই একেমুখে গৰিহণা দিয়াৰ লগতে এই আক্ৰমণৰ লগত জড়িত ব্যক্তিক আৰক্ষীয়ে শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় ।

Jamuguri aasu condemn the chakighat incident
চকিঘাটত প্ৰশাসন, আৰক্ষী তথা স্থানীয় যুৱকক কৰা আক্ৰমণৰ ঘটনাক ছাত্ৰ সন্থাৰ গৰিহণা

চতিয়া, 1 আগষ্ট : শুকুৰবাৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলৰ জড়িয়তে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া, জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে খিলঞ্জীয়া যুৱকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক দিলে তীব্ৰ গৰিহণা ।

সদৌ জামুগুৰি ছাত্ৰসন্থাৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনে সন্দেহজনক নাগৰিকে দখল কৰি থকা মাটি সমূহ জিলা প্ৰশাসনক উচ্ছেদ কৰিবলৈ বাৰম্বাৰ দাবী জনোৱাৰ পাছত প্ৰশাসনে লোৱা কঠোৰ পদক্ষেপক সংবাদ মেলখনৰ জড়িয়তে ছাত্ৰ সন্থাই জনালে আদৰণি ।

অসমৰ পৰা সন্দেহজনক নাগৰিকক বহিষ্কাৰ আৰু এইখন অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত ছাত্ৰ সন্থা, বিভিন্ন দল সংগঠন আৰু অসমবাসী ৰাইজে বহু প্ৰতিবাদ, আন্দোলন কৰি আহিছে ৷ এনে ধৰণৰ বিষয়সমূহৰ গুৰত্ব বুজি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় আছিল যদিও কোনোখন চৰকাৰেই সন্দেহজনক নাগৰিকক বহিষ্কাৰৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল ৷ সেয়েহে সময় থাকোতেই চৰকাৰে কঠোৰ আৰু শক্তিশালী ব্যৱস্থা ল'বলৈ ছাত্ৰ সন্থাই জনালে দাবী ।

চকিঘাটত প্ৰশাসন, আৰক্ষী তথা স্থানীয় যুৱকক কৰা আক্ৰমণৰ ঘটনাক ছাত্ৰ সন্থাৰ গৰিহণা

শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে পুনৰ বিদেশীক ৰঙা দলিছা পাৰি অসমত নাগৰিকত্ব দি সংস্থাপিত কৰিব বিচাৰিছে ৷ যিখন আইনে অসম আন্দোলনৰ ৮৫৫ গৰাকীকৈ জাতীয় স্বহীদ, গুলীবিদ্ধ, পংগু, তথা নিৰ্যাতিত সকলক চৰম অপমান কৰিছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই আইন বলবৎ কৰি পুনৰ বিদেশীক শক্তিশালী কৰিব বিচাৰিছে ৷ য’ত খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সম্পূৰ্ণৰূপে ধূলিসাৎ হোৱাৰ দিশে গতি কৰিছে ৷ সেয়ে সময় থাকোতেই চৰকাৰে এনেধৰণৰ কথাবোৰ হৃদয়ংগম কৰাটো উচিত বুলি ছাত্ৰ সন্থাই মন্তব্য কৰে ৷

আনহাতে চকিঘাটতক কেন্দ্ৰ কৰি হৈ যোৱা ঘটনা সন্দৰ্ভত কোনো অপশক্তিয়ে যাতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে ভৱিষ্যতৰ দিন সমূহত চৰকাৰ, প্ৰশাসন সকলোকে কঠোৰ দৃষ্টি ৰাখিবলৈও ছাত্ৰ সন্থাই দাবী জনায় ৷

সংবাদমেল খনৰ জড়িয়তে বেদখল মুক্ত মাটি সমূহ প্ৰশাসনে খিলঞ্জীয়া যুৱকক দিয়াৰ লগতে মাটি সমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক দাবী জনালে ৷ শুকুৰবাৰৰ সংবাদ মেলখনত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সহিতে জিলা সভাপতি বিশ্বজিৎ কলিতাও উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.