ETV Bharat / state

ৰঙাপাৰাত আঘাতপ্ৰাপ্ত অৱস্থাত হাতীৰ পোৱালি উদ্ধাৰ

author img

By

Published : Jul 18, 2019, 11:14 PM IST

ৰঙাপাৰাত আঘাতপ্ৰাপ্ত অৱস্থাত হাতীৰ পোৱালিক উদ্ধাৰ

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ বৃহস্পতিবাৰে প্ৰায় 6 বছৰীয়া বনৰীয়া হাতীৰ পোৱালি এটা আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় ৷

ৰঙাপৰা, 18 জুলাইঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ বৃহস্পতিবাৰে প্ৰায় 6 বছৰীয়া এটা বনৰীয়া হাতীৰ পোৱালি আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয় । হাতী পোৱালিটোক চিকিৎসা প্ৰদান কৰাৰ উদ্দেশ্যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই আৰু ডকছ বেগুংৱাৰ ৰঙাপাৰাত উপস্থিত হৈ হাতীটোক ট্ৰেংকুইলাইজ কৰে । পাছত বনৰীয়া হাতীটোক প্ৰকৃতি প্ৰেমী দিলীপ নাথ, আমাৰীবাৰীৰ বনকৰ্মী আৰু স্থানীয় সাংবাদিকসকলৰ উপস্থিতিত চিকিৎসকসকলে দহটাকৈ চেলাইন আৰু বেজী দি চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

ৰঙাপাৰাত আঘাতপ্ৰাপ্ত অৱস্থাত হাতীৰ পোৱালিক উদ্ধাৰ
Intro:শোণিতপুৰৰ ৰঙাপৰাত আহত বনৰীয়া হাতীক ট্ৰেংকুইলাজৰে চিকিৎসা প্ৰদান চিকিৎসকৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ ২২ নং নম্বৰত আজি ৫-৬ বছৰীয়া এটা প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি আঘাত প্ৰাপ্ত অৱস্থাত উদ্ধাৰ।হয়। আগফালৰ সোঁ ভৰিখনত আঘাত প্ৰাপ্ত হোৱা বনৰীয়া হাতীৰ পোৱালীটোৰ স্বাস্থ্যৰ বুজ লবলৈ আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী আৰু স্থানীয় সাংবাদিকসকল চাহ বাগিছাখনত উপস্থিত হয়। ইফালে, তিনিখন ভৰিৰে খোজ কাঢ়ি থকা বনৰীয়া হাতীটোক চিকিৎসা প্ৰদান কৰাৰ উদ্দেশ্যৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোহাঁই আৰু ডকছ বেগুংৱাৰ ৰঙাপৰা উপস্থিত হয়। বনৰীয়া হাতীৰ আশ্ৰয়স্থলী হিচাপে পৰিগণিত ৰঙাপৰাৰ তাৰাজুলিৰ চাহ বাগিচাত বিচৰণ কৰি থকা আঘাত প্ৰাপ্ত বনৰীয়া হাতীটোক ট্ৰেংকুইলাইজ কৰে। পাছত বনৰীয়া হাতীটোক প্ৰকৃতি প্ৰেমী দিলীপ নাথ, আমাৰীবাৰীৰ বনকৰ্মী আৰু স্থানীয় সাংবাদিকসকলৰ উপস্থিতি চিকিৎসকসকলে দহটাকৈ চেলাইন আৰু বেজী দি চিকিৎসা প্ৰদান কৰে। বনৰীয়া হাতীৰ পোৱালীটো এবছৰ বয়সতে ভৰিখনৰ এডাল হাড় ভঙাৰ ফলত আঘাত প্ৰাপ্ত হোৱা বুলি চিকিৎসকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.