ETV Bharat / state

চীনা সীমান্তত অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সষ্টম ভাৰতীয় সেনাবাহিনী

author img

By

Published : Oct 21, 2021, 7:45 PM IST

ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সষ্টম সেনাবাহিনী ৷ যোগাযোগ ব্যৱস্থা উন্নত কৰাত ব্যস্ত সীমান্ত পথ সুৰক্ষা বাহিনী ।

Chinese border
Tezpur

তেজপুৰ, 21 অক্টোবৰ : শেহতীয়াকৈ চীনা সৈন্যই ভাৰত-চীন সীমান্তৰ পশ্চিম অৰুণাচল প্ৰদেশৰ সীমান্তৰ বাংকাৰ দখল কৰাৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ অহাৰ সময়ত সেনাৰ তৰফৰ পৰা চীনা সৈন্যক ওভতাই পঠোৱা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে । অৰুণাচল প্ৰদেশৰ ডিবাং ভেলি আনিনিৰ হেলিপেড গ্ৰাউণ্ডৰ পৰা অন্দ্ৰেলা নামৰ সেনাৰ ঘাটলৈ অত্যাধুনিক অস্ত্ৰ নিয়াৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ সময়তে সীমান্তৰ উক্ত অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে সীমান্ত পথ সুৰক্ষা বাহিনীয়ে নতুনকৈ পথ নিৰ্মাণ আৰম্ভ কৰাও পৰিলক্ষিত হৈছে ।

Chinese border
অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সষ্টম ভাৰতীয় সেনাবাহিনী

মন কৰিবলগীয়া যে, পূৱ অৰুণাচল প্ৰদেশৰ সীমান্তৰ শেষ গাঁওখন আনিনিৰ অন্তৰ্গত ইডলি (IDILI ) আৰু মপিডি(Mopidi)ৰ পৰা মাত্ৰ 70 কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰত-চীন সীমান্তৰ Line Of Actual Control (LAC ) ৷ এই স্থানত অৱস্থিত অন্দ্ৰেলা পোষ্টত বৰ্তমান অধিক সষ্টম ভাৰতীয় সেনা বাহিনীৰ লোক, পূৰ্বতকৈ অধিক সেনা বাহিনীৰ মোটায়েন কৰাৰ তথ্য পোহৰলৈ আহিছে ।

Chinese border
অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সষ্টম ভাৰতীয় সেনাবাহিনী

চীনৰ আগ্ৰাসন মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনা বাহিনীৰ তেজপুৰ মিছামাৰী শিবিৰত সংযোগ কৰা হৈছে আন মেন এৰিয়েল ভেহিকল UAV ৷ যাৰ দ্বাৰা 24×7 ভাৰতীয় সেনাই সীমান্তত দৃষ্টি নিক্ষেপ ৰাখিব পাৰে । Army Aviation Brigade তেজপুৰ মিছমাৰীত এইবাৰ আৰম্ভ কৰা হৈছে । ইয়াৰ জৰিয়তে পাইলত বিহীন এই দ্ৰোণৰে সীমান্তত সম্পূৰ্ণ গতিবিধি লক্ষ্য ৰাখিব । এই ইজৰাইলৰ Herons ৰ গতিবিধি দৃষ্টি ৰাখিব ALH RUDRA আৰু ALH DHRUB ৰ জৰিয়তে । মন কৰিবলগীয়া যে প্ৰতিৰক্ষা বিভাগে এই বছৰৰ শেষৰ ফালে আৰু চাৰি খন ISRAELI HERONS TP ক্ৰয় কৰিব সীমান্তত দিনে নিশাই সতৰ্কতা অৱলম্বন ৰাখিবলৈ ।

অৰুণাচল প্ৰদেশৰ সীমান্তত প্ৰতিৰক্ষা বিভাগৰ উন্নয়ন :

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বছৰ ১৭ জুনত অৰুণাচল প্ৰদেশৰ কিমিন-টুটিং পথৰ উদ্ঘাটন কৰে । সীমান্তৰ এক মাত্ৰ চহৰ কিমিন অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ অন্তৰ্গত । অৰুণাচল প্ৰদেশৰ সীমান্তত ই এক উল্লেখনীয় সংযোজন কৰা হয় ।

2020 চনৰ জুন মাহৰ শেষৰ ফালৰ পৰা প্ৰতিৰক্ষা বিভাগে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অত্যাধিক যুঁজাৰু আহিলা-পাতি সষ্টম কৰিছে । পূব-প্ৰান্তত সেনাৰ মূল ঘাটি সমূহৰ বাবে যোগাযোগ ব্যৱস্থা উন্নত প্ৰযুক্তিৰ দ্বাৰা যুদ্ধকালীন প্ৰস্তুতিৰে আৰম্ভ কৰা হৈছে । ফলস্বৰূপে, 2020 চনৰ শেষৰ ফালে সেনাৰ যোগাযোগ ব্যৱস্থা সুগম কৰিবলৈ তিনিখন বিশেষ দলং নিৰ্মাণ সম্পূৰ্ণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে মুকলি কৰে । হিমালয়ৰ নামনি অংশত অৱস্থিত প্ৰায় সকলো সেনাৰ ঘাটিত অত্যাধিক জোৱানৰ মোটায়েন লক্ষণীয় ।

Chinese border
অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সষ্টম ভাৰতীয় সেনাবাহিনী

অৰুণাচল প্ৰদেশৰ সীমান্তত প্ৰায় 500 ৰো অধিক স্থানীয় লোকক পৰ্টাৰ (Porter) পদত নিযুক্তি দিয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাংৰ সমীপৰ পৰা । অৰুণাচল প্ৰদেশৰ আঠখন এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ প্ৰস্তুতি সম্পন্ন কৰা হয় এই সময়ছোৱাত । অত্যাধুনিক চিনুক হেলিকপ্তাৰৰ জৰিয়তে বিভিন্ন সামগ্ৰী দৈনিক প্ৰেৰণ কৰিছে । আঞ্জাও জিলাৰ কাষেৰে অন্দ্ৰেলালৈ এটা নতুন পথো নিৰ্মাণ কৰা হৈছে ।

Chinese border
অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সষ্টম ভাৰতীয় সেনাবাহিনী

আনহাতে, গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি অৰ্ধসামৰিক বাহিনীৰ বিশেষকৈ আই টি বি পিৰ ঘাটি সমূহতো পূৰ্বতকৈ অধিক জোৱানক মোটায়েন কৰা হৈছে । পূব অৰুণাচল প্ৰদেশৰ ৱালঙৰ পৰা কিবেঠুলৈ যাতায়ত সুগম কৰি তুলিবলৈ একমাত্ৰ সেনা বাহিনীৰ লোকে অধিক ব্যৱহাৰ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰ কাষতে ৱালং এডভান্স লেণ্ডিঙ সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে ।

Chinese border
অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সষ্টম ভাৰতীয় সেনাবাহিনী

মাত্ৰ 15 কিলোমিটাৰ নিলগৰ কিবেঠু সীমান্তত পূৰ্বতকৈ অধিক সেনাৰ মোটায়েন কৰা হৈছে । তৎসত্বেও, মাত্ৰ কেইদিনমান পূৰ্বে অন্দ্ৰেলাৰ সমীপত ভাৰতীয় ভূমিত চীনৰ এটা দলে পদাৰ্পণ কৰি যোৱাৰ তথ্য সম্প্ৰতি স্থানীয় লোকৰ দ্বাৰা জানিব পৰা গৈছে । গুৰুত্বপূৰ্ণ বিষয়টো হ’ল চলিত মাহৰ 10 তাৰিখৰ পৰা সীমান্ত অঞ্চলত সেনাৰ গতিবিধি পূৰ্বতকৈ অধিক হোৱা বুলি জানিব পৰা গৈছে স্থানীয় লোকৰ সূত্ৰত ।

লগতে পঢ়ক : পূজাৰ বতৰত ৰাজহ সংগ্ৰহত এক ডাঙৰ অৰিহণা সুৰাপায়ীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.