ETV Bharat / state

এটা শ্ৰেণী কোঠাত 117 জন শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিছে জীৱনৰ আদিপাঠ

author img

By

Published : Jun 24, 2022, 10:29 PM IST

চৰকাৰী আঁচনিয়ে ঢুকী নোপোৱা এখন চৰকাৰী বিদ্যালয় ৷ একেটা শ্ৰেণী কোঠাতে তিনিজন শিক্ষকৰ দ্বাৰা পাঁচটাকৈ শ্ৰেণীৰ পাঠদান কৰা হয় ৷ বিদ্যালয়খনত নাই সামান্য সুবিধাকনো ৷ অভিযোগ প্ৰধান শিক্ষকৰ ৷

Govt school with only one room at Rangapara
এটা শ্ৰেণী কোঠাত 117 জন শিক্ষাৰ্থী গ্ৰহণ কৰিছে জীৱনৰ আদি পাঠ

ৰঙাপৰা, 24 জুন : বিতৰ্কই লগ নেৰা হৈছে ৰাজ্যৰ শিক্ষা বিভাগক ৷ এইবাৰ ৰাজ্যৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ পৰিস্ফূট হৈছে ৰঙাপৰা বিধানসভা সমষ্টিত ৷ ৰঙাপৰাৰ এখন বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীয়ে বহু সমস্যাৰ মাজত গ্ৰহণ কৰিব লগীয়া হৈছে জীৱনৰ আদিপাঠ ৷

চৰ্চাত থকা এই বিদ্যালয়খন হৈছে 1990 চনত ৰঙাপৰা বিধানসভা সমষ্টিৰ সীমাত স্থাপন হোৱা আই গাভৰু প্ৰাথমিক বিদ্যালয় ৷ উক্ত বিদ্যালয়খনত মাত্ৰ এটা শ্ৰেণী কোঠাত পাঠদান কৰে ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পৰ্যাপ্ত সুবিধাকন নথকাৰ ফলত আই গাভৰু বিদ্যালয়খনত থকা সৰ্বমুঠ 117 জন শিক্ষাৰ্থীয়ে একেটা সময়ত একেলগে অধ্যয়ন কৰিব লগাত পৰিছে(Lack of class room and teachers in Ai Gabharu School) ৷

কেৱল এটা কোঠা থকা এখন চৰকাৰী বিদ্যালয়

আনকি একেটা শ্ৰেণী কোঠাতে ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মাত্ৰ তিনিজন শিক্ষক ক্ৰমে প্ৰধান শিক্ষক বিবিত নাথ আৰু সহকাৰী শিক্ষক হিচাপে ক্ৰমে যোচেফ ৰুণ্ডা, ৰতন কুমাৰ ৰায়ে শিক্ষাদান দিব লাগে ৷ উল্লেখ্য যে, 2 নং ভেলুৱাটাৰ গাঁৱত থকা একমাত্ৰ এই শিক্ষানুষ্ঠানখন 2013 চনত চৰকাৰে প্ৰাদেশীকৰণ কৰিছিল ।

আনকি বিদ্যালয়খনৰ সামগ্ৰীক উন্নয়নৰ বাবে চৰকাৰীভাৱে বিভিন্ন আঁচনিও হাতত লোৱা হৈছিল ৷ কিন্তু সকলো যেন সময়ৰ সোঁতত বিলিন হৈ গ’ল ৷ বিদ্যালয়খন অপ্ৰাদেশীকৰণ পৰা আজিলৈকে এটা শ্ৰেণী কোঠাতে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান চলি আছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিবিত নাথে ৷

লগতে পঢ়ক : শিক্ষকৰ অভাৱত উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত বিহালীৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.