ETV Bharat / state

ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ গজৰাজ কৰ্পচৰ মুখ্য সেনা বিষয়াৰ

author img

By

Published : Mar 18, 2020, 3:31 PM IST

ভাৰতীয় সেনাবাহিনীৰ তেজপুৰ গজৰাজ কৰ্পচৰ মুৰব্বী জেনেৰেল অফিচাৰ অৱ কামাণ্ডিং জি অ চি লে জেনেৰেল শান্তনু দয়ালে অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বুধবাৰে পৃথকে পৃথকে সাক্ষাৎ কৰে ৷

GOC call on Governor and cm tezpur assam etv bharat news
ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ গজৰাজ কৰ্পচৰ মুখ্য সেনা বিষয়াৰ

তেজপুৰ,১৮ মাৰ্চঃ তেজপুৰ গজৰাজ কৰ্পচৰ মুৰব্বী জেনেৰেল অফিচাৰ অৱ কামাণ্ডিং জি অ চি লে জেনেৰেল শান্তনু দয়ালে বুধবাৰে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৷ ৰাজ্যপাল মুখীয়ে সেনাবাহিনীৰ বিষয়া গৰাকীক অসম ৰাইফলছে অন্য সুৰক্ষা বাহিনীৰ সৈতে ৰাজ্যত আইন-শৃংখলা অটুট ৰখা কাৰ্যৰ লগতে সেনা অভিযানসমূহৰ শলাগ লয় ৷

GOC call on Governor and cm tezpur assam etv bharat news
মুখ্যমন্ত্ৰীক সাক্ষাৎ গজৰাজ কৰ্পচৰ মুখ্য সেনা বিষয়াৰ

আনহাতে,মুখ্যমন্ত্ৰী সোণোৱালে উত্তৰ-পূৱৰ সেনাপ্ৰধান গৰাকীক বিভিন্ন সময়ত ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ আৰু জৰুৰীকালীন সময়ত ৰাজ্য চৰকাৰক আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ জি অ চি দয়ালে অসম চৰকাৰক ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত যুৱ সজাগতা বৃদ্ধি আৰু নতুন প্ৰযুক্তি কৌশল বিষয়ত শিক্ষা প্ৰদানৰ বাবে গুৰুত্ব দিবলৈ আহ্বান জনায় ৷

GOC call on Governor and cm tezpur assam etv bharat news
ৰাজ্যপালক সাক্ষাৎ

লগতে চাওকঃআদালতত মুখ ঠেকেছা এপি এছ চিৰ অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.