ETV Bharat / state

Cloth Bank in Assam : শোণিতপুৰত পুৰণা সাজপাৰৰ ভাণ্ডাৰ ক্লথ বেংক স্থাপন

author img

By

Published : Jun 12, 2023, 2:04 PM IST

অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱ পূৰণৰ বাবে এতিয়াও হাহাকাৰ কৰিবলগীয়া হয় বহুলোকে ৷ তেনে লোকসকলৰ সহায় হোৱাকৈ শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ ব্যৱসায়ীয়ে হাতত লৈছে বিনামূলীয়াকৈ কাপোৰ প্ৰদানৰ দৰে ব্যতিক্ৰমী পদক্ষেপ ৷

Cloth Bank
ক্লথ বেংকে অভাৱ পূৰাব বহুলোকৰ

তেজপুৰ, 12 জুন : ঠেলামৰা দৈনিক বজাৰৰ ব্যৱসায়ী সমাজে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ পথৰ দাঁতিতে ব্যৱসায়ী সমাজে নিৰ্মাণ কৰি তুলিছে 'ক্লথ বেংক' ৷ এই বেংকটোত কোনোলোকে ইচ্ছা কৰিলে তেওঁলোকে ব্যৱহাৰ নকৰা পুৰণি কাপোৰসমূহ জমা কৰিব পাৰে ৷ সেই পুৰণি কাপোৰসমূহ প্ৰয়োজন থকা লোকে বিনামূলীয়াকৈ নিজৰ বাবে লৈ যাব পাৰে ৷ ইতিমধ্যে ক্লথ বেংকটোত বহুলোকে কাপোৰ দান কৰা বুলি জানিবলৈ পোৱা গৈছে ৷

ঠেলামৰাৰ ব্যৱসায়ীসকলৰ এই পদক্ষেপক বিভিন্নজনে শলাগ লোৱা পৰিলক্ষিত হৈছে ৷ পূৰ্বতে এনেধৰণৰ ব্যৱস্থা ৰাজ্যত দেখা পোৱা হোৱা নাই অৰ্থাৎ এই প্ৰচেষ্টা অসমৰ ভিতৰতে প্ৰথম বুলি বহুতেই ক’ব বিচাৰে । ঠেলামৰা ঘাইপথৰ ব্যৱসায়ী সন্থা আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হোৱা এই 'ক্লথ বেংক' লৈ জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়োৱ লগতে অপ্ৰয়োজনীয় কাপোৰ ক্লথ বেংকত জমা দিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে ।

উল্লেখ্য যে, অকল কাপোৰেই নহয় ,জোতাৰ লগতে অন্যান্য সামগ্ৰীসমূহো জমা কৰিব পাৰিব এই ক্লথ বেংকত । জিলা প্ৰশাসন তথা ঠেলামৰা ব্যৱসায়ীসকলৰ উদ্যোগত জানুৱাৰী মাহত আৰম্ভ হোৱা এই বস্ত্ৰ বেংকে সম্প্ৰতি বহুলভাৱে প্ৰসাৰ লাভ কৰিছে বুলি জানিবলৈ পৰা গৈছে । বহুসময়ত কাৰোবাক দান কৰিবলৈও সুবিধা লাভ নকৰাৰ ফলত পোচাকসমূহ পেলাই দিয়ে অথবা অন্য কামত ব্যৱহাৰ কৰা দেখা যায় একাংশ লোকক ৷

উল্লেখযোগ্য যে, বজাৰত কম দামত এবাৰ ব্যৱহাৰ কৰা কাপোৰ উপলব্ধ যদিও সেই দাম দি বহুলোকেই ক্ৰয় কৰিব নোৱাৰে তেওঁৰ প্ৰয়োজনীয় কাপোৰযোৰ ৷ ক্লথ বেংকৰ জৰিয়তে সেই অভাৱ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ যাৰ ফলত চাহিদা বৃদ্ধি পাইছে এই ক্লথ বেংকৰ ।

শোণিতপুৰৰ ঠেলামৰা ব্যৱসায়ীসকলে ব্যতিক্ৰমী চিন্তা-চেতনাৰে নিৰ্মাণ কৰি উলিওৱা ক্লথ বেংকটোৱে বহু দৰিদ্ৰ লোকৰ কাপোৰৰ অভাৱ পূৰণ কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : BJP leader suspicious dead : গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.