ETV Bharat / state

ইটাখোলাত পথৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

author img

By

Published : Dec 4, 2020, 4:46 PM IST

লোকনিৰ্মাণ বিভাগৰ অধীনত শোণিতপুৰ জিলাৰ ইটাখোলাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা বিশ্বনাথ সমষ্টিৰ বৰপাম তিনিআলি সংযোগী ১১ কিলোমিটাৰ দৈৰ্ঘৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক পদ্ম হাজৰিকাই ।

ইটাখোলাত পথৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ
ইটাখোলাত পথৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

চতিয়া,৪ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ইটাখোলাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা বিশ্বনাথ সমষ্টিৰ বৰপাম তিনিআলি সংযোগী লোকনিৰ্মাণ বিভাগৰ অধীনৰ ১১ কিলোমিটাৰ দৈৰ্ঘৰ জৰাজীৰ্ণ পথচোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক পদ্ম হাজৰিকাই । এছঅপিডিজিৰ ২০২০-২১ বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব পথছোৱা ।

বিগত বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা ইটাখোলাৰ পৰা ডিপলোঙা হৈ বৰপাম তিনিআলি সংযোগী পথৰ আধাৰশিলা স্থাপনৰ পাচতে উৎফুল্লিত হৈ পৰে ৰাইজ । বিধায়ক হাজৰিকাৰ লগতে লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত শৰ্মাক ভূয়সী প্ৰশংসা কৰে স্থানীয় লোকে । ইটাখোলাৰ অঞ্চলৰ প্ৰায় 5 শতাধিক ৰাইজৰ উপস্থিতিত পথছোৱাৰ আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত সভাত বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ লগতে অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: হাওৰাঘাটত ভয়াবহ পথ দুৰ্ঘটনাত মহিলাসহ আহত চাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.