ETV Bharat / state

Forest smuggler arrested: মিছামাৰীত আটক চোৰাং কাঠকটীয়া

author img

By

Published : Jul 20, 2022, 2:13 PM IST

Foresters arrested smuggler in Sonai-Rupai Wildlife Sanctuary in Misamari
মিছামাৰীত আটক চোৰাং কাঠকটিয়া

মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত আটক এজন চোৰাং কাঠকটীয়া (Foresters arrested smuggler in Sonai-Rupai Wildlife Sanctuary in Misamari) ৷ অভয়াৰণ্যখনৰ ভিতৰত গছ কটাৰ উদ্দেশ্যৰে ১৭ জনীয়া এটা চোৰাং কাঠকটীয়াৰ দলে নিশাৰ ভাগত প্ৰবেশ কৰাৰ তথ্য লাভ কৰিছিল অভয়াৰণ্যত নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীসকলে ।

ৰঙাপৰা, 20 জুলাই: জৈৱ-বৈচিত্ৰৰ ভঁৰাল স্বৰূপ মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ দুৰ্গম অঞ্চলত চোৰাং কাঠকটীয়াই প্ৰৱেশ কৰি দিনে-নিশাই অবাধ হাৰত বনধ্বংস চলাই আহিছে। আপুৰুগীয়া জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ সোনাই-ৰূপাই বন্যপ্ৰাণী (Sonai-Rupai Wildlife Sanctuary) অভয়াৰণ্যখনত সম্প্ৰতি চৰাই-চিৰিকটিৰ মাতৰ বিপৰীতে যন্ত্ৰ চালিত কৰতৰ শব্দহে শুনা যায় । মিছামাৰীৰ উত্তৰ দিশত থকা ২২০ বৰ্গ কিলোমিটাৰ ভূমিৰে আগুৰি থকা সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ দুৰ্গম এলেকাত চোৰাং কাঠকটীয়াই নিশাৰ ভাগত অবৈধ ভাৱে প্ৰৱেশ কৰি ইজোপাৰ পাছত সিজোপাকৈ মূল্যবান গছ নিৰ্বিঘ্নে কাটি বনধ্বংস চলাই গৈছে ।

মিছামাৰীত আটক চোৰাং কাঠকটীয়া

অভয়াৰণ্যখনৰ ভিতৰত গছ কটাৰ উদ্দেশ্যৰে ১৭ জনীয়া এটা চোৰাং কাঠকটীয়াৰ দলে নিশাৰ ভাগত প্ৰবেশ কৰাৰ তথ্য লাভ কৰিছিল অভয়াৰণ্যত নিৰাপত্তাৰ দায়িত্ব থকা বনকৰ্মীসকলে । সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ মিছামাৰী কলামাটিস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ২২ কিলোমিটাৰ নিলগত থকা দীক্ষেশ্বৰী বন শিৱিৰ এলেকাৰ মাজত বনকৰ্মীসকলে অভিযান চলায় ।

ইফালে চোৰাং কাঠকটীয়াৰ দলটোৱে বনকৰ্মীসকলক প্ৰত্যক্ষ কৰাৰ পাছতে চাইকেল, কাঠ এৰি পলায়ন কৰে । কিন্তু তাৰ মাজতে অভিযানকাৰী দলটোৱে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কৌবাৰী গাঁৱৰ অনিল ব্ৰহ্ম নামৰ এটা চোৰাং কাঠকটীয়াক আটক কৰিবলৈ সক্ষম হয়। ১৫ খন চাইকেল জংঘলৰ মাজত ভাঙি নষ্ট কৰি পেলোৱাৰ লগতে দুখন চাইকেল লৈ আহে ।

সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰন্যৰ ভিতৰত অবৈধ চোৰাং কাঠ সৰবৰাহকাৰীৰ ঘাটিলৈ পৰিণত হোৱাৰ অভিযোগ উঠি আহিছে । অভয়াৰণ্যখনৰ ভিতৰত থকা মূল্যবান গছ-গছনি কাটি নিশাৰ ভাগত বন বিভাগৰ চকুত ধূলি দি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে চোৰাং কাঠ ব্যৱসায়ীসকলে ।

লগতে পঢ়ক: Cattle smuggling : জোনাইত চোৰাং গৰুসহ বাহন জব্দ, আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.