ETV Bharat / state

নিয়ন্ত্ৰণলৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি

author img

By

Published : Sep 4, 2021, 9:34 PM IST

flood-situation-in-kaziranga-national-park-comes-under-control
নিয়ন্ত্ৰণলৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি

প্ৰতিবছৰৰ দৰে এইবছৰো বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলত দিশহাৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু জীৱ-জন্তু ৷ কিন্তু বৰ্তমান কাজিৰঙাৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা বুলি সদৰি কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

তেজপুৰ,4 ছেপ্টেম্বৰ: ক্ৰমাৎ উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি ৷ তথাপি কিন্তু বহু জীৱ জন্তুৱে এতিয়াও ওখ ঠাইত আশ্ৰয় লৈ আছে বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, বানৰ সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যান খনৰ জীৱ জন্তুৱে খাদ্যৰ সন্ধানত কাৰ্বি আংলং পাহাৰৰ ওপৰত আশ্ৰয় লয় ৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে,ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানে অব্যাহত আছে যান বাহনৰ নিয়ম মাফিক সময় নিৰ্ধাৰিত চলাচল ৷

আনহাতে শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ 233 টা বন শিবিৰৰ ভিতৰত 50 টা বন শিবিৰ সম্পূৰ্ণ জলমগ্ন অৱস্থাত আছে ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত বৰ্তমানলৈকে মুঠ 18 টা জীৱ-জন্তুৰ বানৰ কৱলত পৰি মৃত্যু ঘটিছে আৰু দুটা উদ্ধাৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷ ভদীয়া বানৰ কৱলত পৰা এটা গঁড় পোৱালি উদ্ধাৰ কৰি পানবাৰী শিবিৰত চিকিৎসা কৰি আছে চিকিৎসকৰ দলে ৷

লগতে পঢ়কঃ পল্টনবজাত কিন্নৰ উদ্ভণ্ডালি: আক্ৰমণৰ বলি হ’ল দম্পত্তি

একেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ 7 টা আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা অগৰাতলীৰ 36 টা বন শিবিৰৰ 8 টা পানীৰ কৱলত পৰিছে ৷ লগতে কাজিৰঙাৰ 49 টা বন শিবিৰৰ 18 টা, বাগৰিৰ 38 টা শিবিৰৰ ভিতৰত 19 টা, বুঢ়াচাপৰিৰ 25 টা শিবিৰৰ 2 টা সম্পূৰ্ণ নিৰাপদ বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷ ইফালে নগাঁও ডিভিজনৰ 38 টা বন শিবিৰৰ ভিতৰত 3 টা সম্পূৰ্ণ ৰূপে জলমগ্ন হৈছে ৷

উল্লেখ্য যে, পাছিঘাটৰ চিয়াং নদী, ডিব্ৰুগড় আৰু নিমাতিঘাট, নুমলীগড় আৰু ধনশিৰীঘাটত শনিবাৰে ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ তলৰে বৈ আছে ৷ ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ নদীৰ তেজপুৰ গণেশ ঘাট অঞ্চলত বৰ্তমানেও সম্পূৰ্ণ বিপদ সীমাৰ ওপৰেৰে বৈ আছে পানী ৷

লগতে পঢ়কঃ কাজিৰঙাত বান: উদ্ধাৰ হোৱা জীৱ-জন্তু সমূহৰ চিকিৎসা অব্যাহত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.