ETV Bharat / state

তেজপুৰত বান সন্দৰ্ভত সজাগতা অভিযান

author img

By

Published : Jun 17, 2022, 1:10 PM IST

tezpur
তেজপুৰত বান সন্দৰ্ভত সজাগতা অভিযান

তেজপুৰৰ ১৭৯৫টা পৰিয়াল সামৰি অপোনাৰ জীৱন-আমাৰ সম্পদ সজাগতা অভিযান(Awareness programme of Flood and Covid) । ঘৰে ঘৰে গৈ জনসাধাৰণৰ মাজত সৃষ্টি কৰা হ'ব সজাগতা । ১১টা বানপানী প্ৰৱণ ৰাজহ চক্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পাইলট প্ৰজেক্ট আৰম্ভ।

তেজপুৰ, ১৭জুন: তেজপুৰত ১৪ দিনীয়া ‘আপোনাৰ জীৱন, আমাৰ সম্পদ’ সজাগতা অভিযানৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Flood And Covid Awareness Program) ৷ এই ‘আপোনাৰ জীৱন, আমাৰ সম্পদ’ সজাগতা অভিযানৰ আৰম্ভ কৰে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত এই সজাগতা অভিযান চলোৱা হৈছে ।

শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ ২০খন গাঁৱৰ ১,৭৯৫টা পৰিয়াল সামৰি এই সজাগতা অভিযানৰ আৰম্ভ কৰা হৈছে । বান আৰু ক'ভিডৰ সময়ত ল’বলগীয়া বিশেষ সাৱধানতা সমূহৰ বিষয়ে ঘৰে ঘৰে গৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে ৷

তেজপুৰ ৰাজহ চক্ৰৰ অধীনত সজাগতা অভিযান চলাবলৈ ১০টা দল গঠন কৰা হৈছে । উক্ত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, তেজপুৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পংকজ বৰা, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-সঞ্চালক জে ডেকা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া পি পি শৰ্মা, অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক, গাঁও প্ৰধান, আশাকৰ্মী, নিৰাপত্তা বিভাগৰ সদস্যসকলো উপস্থিত থাকে ।

এই প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীসমূহৰ ভিতৰত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিবলৈ জনসাধাৰণৰ মাজত বিশেষকৈ শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰো ব্য়ৱস্থা লোৱা হৈছে । বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু ক’ভিড প্ৰট'কল সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাৰ লগতে ৰাজহুৱা জাননীৰ জৰিয়তে সজাগতা সৃষ্টি কৰিব । তদুপৰি ঘৰে ঘৰে গৈ ৰাইজক প্ৰত্যক্ষভাৱে যোগাযোগ কৰি তেওঁলোকৰ মাজত যিকোনো দুৰ্যোগৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে অৱগত কৰাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

উল্লেখ্য যে বৰপেটা, বিশ্বনাথ, গোলাঘাট, লখিমপুৰ, মাজুলী আৰু শোণিতপুৰ জিলাৰ ১১টা বান প্ৰৱণ ৰাজহ চক্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে(Assam state disaster management authority) এই পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে । ‘আপোনাৰ জীৱন, আমাৰ সম্পদ’ অভিযানৰ অংশ হিচাপে বানৰ সময়ত ল’বলগীয়া সাৱধানতামূলক ব্যৱস্থাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা হ'ব ।

লগতে পঢ়ক: দৰঙৰ পিপৰা দোকানৰ পৰা শাকতোলালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচলত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.