ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰিল কৰ'ণা আক্ৰান্ত ৰোগী

author img

By

Published : Mar 24, 2020, 9:09 AM IST

Updated : Mar 24, 2020, 2:36 PM IST

পোহৰলৈ আহিছে উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমটো কৰ'ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা ৷ যুৱতীগৰাকীয়ে দুদিন পূৰ্বে লণ্ডনৰ পৰা এয়াৰ এছিয়া বিমানৰে যাত্ৰা কৰিছিল দিল্লীলৈ ৷

উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰিল কৰ'ণা আক্ৰান্ত ৰোগী
উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰিল কৰ'ণা আক্ৰান্ত ৰোগী

তেজপুৰ,২৪ মাৰ্চ : উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৰ'ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷ মঙলবাৰে পুৱা ৬:৪০ বজাত চিকিৎসকে এই তথ্য সদৰি কৰিছে ৷ মণিপুৰত এই ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷ পূৱ ইম্ফলৰ জে এন আই এম হাস্পতালৰ পৰীক্ষাগাৰত এই তথ্য ধৰা পৰে ৷ মনিপুৰৰ পূৱ ইম্ফলৰ এগৰাকী ২৩ বছৰীয়া যুৱতী মঙলবাৰে পুৱা এই ভাইৰাছত আক্ৰান্ত হোৱা তথ্য সদৰি কৰিছে জে এন আই এম এচৰ চিকৎসালয়ৰ কৰ্তৃপক্ষই ৷ যুৱতীগৰাকীয়ে দুদিন পূৰ্বে লণ্ডনৰ পৰা এয়াৰ এছিয়া বিমানৰে যাত্ৰা কৰিছিল দিল্লীলৈ ৷ তাৰ পাচতেই সামান্য অসুস্থতাত ভুগিছিল যুৱতীগৰাকীয়ে ৷ ইতিমধ্যে এয়াৰ এছিয়া বিমানৰ জৰিয়তে ভ্ৰমণ কৰা লোকৰ তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি মণিপুৰৰ উপ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমক ৷

উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰিল কৰ'ণা আক্ৰান্ত ৰোগী
উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰিল কৰ'ণা আক্ৰান্ত ৰোগী

লগতে পঢ়ক : কৰ'ণা : জিলাৰ দায়িত্ব মন্ত্ৰীগণক ভগাই দিলে মুখ্যমন্ত্ৰীয়ে

Last Updated : Mar 24, 2020, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.