ETV Bharat / state

ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা

author img

By

Published : Nov 24, 2020, 8:26 AM IST

Updated : Nov 24, 2020, 9:42 AM IST

শোণিতপুৰৰ ৰঙাপৰাৰ বৰজুলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ ২০ জাই গুলিচালনা ৷

ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা
ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা

ৰঙাপৰা,24 নৱেম্বৰঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পৰলোকপ্ৰাপ্তি ঘটাৰ সংবাদে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰাৰ সময়তে ৰঙাপৰাত সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই অনাকাংক্ষিত ঘটনাটোৱে ৰঙাপৰাৰ বৰজুলিবাসী ৰাইজক আবেগিক কৰি তোলে। একাংশ উত্তেজিত পুৰুষ-মহিলাই বৰজুলি হাটখোলাত ৰঙাপৰা-মিছামাৰী সংযোগী গড়কাপ্তানী পথৰ ওপৰত টায়াৰ জ্বলাই আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে।

আৰক্ষীৰ শূন্যলৈ গুলিচালনা

ইফালে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰাত আৰক্ষীৰ দলটোক ক্ষুব্ধ ৰাইজে আগুচি ধৰাত উত্তেজিত জনতাক ছত্ৰ ভংগ দিয়াবলৈ আৰক্ষীয়ে অধিক লাঠি চালনা কৰিবলগা হয় । পাছত সমবেত ৰাইজক ছত্ৰভংগ তথা আত্মৰক্ষাৰ কৰাৰ উদ্দেশ্যেৰে আৰক্ষীয়ে শূণ্যলৈ কেবাজাই গুলি ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলগা হয় ।

আৰক্ষীৰ শূন্যলৈ গুলিচালনা
আৰক্ষীৰ শূন্যলৈ গুলিচালনা

ইয়াৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে আৰু অঞ্চলটোৰ পুৰুষ-মহিলা সকলো ওলাই আহি ৰঙাপৰা অচি গ'বেক,আৰক্ষী প্ৰশাসন মূৰ্দাবাদ, আৰক্ষীৰ গুণ্ডাগিৰি নচলিব আদি বিভিন্ন শ্ল'গান দিয়াৰ লগতে ৰঙাপৰা আৰক্ষী বিষয়া গৰাকীৰ প্ৰতিমূৰ্তি বনাই দাহ কৰে ৷

লগতে চাওকঃ ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

Last Updated : Nov 24, 2020, 9:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.