ETV Bharat / state

ৰঙাপাৰাত বহিঃৰাজ্যৰ পৰা অহা ৮ গৰাকী যুৱকক আছুতীয়া শিবিৰত ৰখাৰ ব্যৱস্থা

author img

By

Published : Apr 2, 2020, 12:29 PM IST

ৰঙাপৰাৰ ভেলুৱাটাৰ আৰু সোনাবিল গাঁৱৰ নিৱাসী দুগৰাকী ব্যক্তিয়ে তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংগ্ৰহণ কৰাৰ কথা পোহৰলৈ আহে ৷ ইয়াৰোপৰি বহিঃৰাজ্যৰ পৰা অহা ৮ গৰাকী যুৱকক আছুতীয়া শিবিৰত ৰখাৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে ৷

আছুতীয়া শিবিৰত ৰখাৰ ব্যৱস্থা
আছুতীয়া শিবিৰত ৰখাৰ ব্যৱস্থা

ৰঙাপাৰা, 2 এপ্ৰিলঃ সমগ্ৰ দেশতে তোলপাৰ লগাইছে তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংগ্ৰহণ কৰা লোকসকলৰ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ভয়ংকৰ তথ্যই ৷ তেনে সময়ত শোনিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ভেলুৱাটাৰ আৰু সোনাবিল গাঁৱৰ নিৱাসী দুগৰাকী ব্যক্তি ক্ৰমে আব্দুল বাৰেক (৬২ ) আৰু আলহাজ আব্দুল জব্বৰ (৮০) নামৰ দুগৰাকী ব্যক্তি উক্ত স্পৰ্শকাতৰ ঠাইলৈ যোৱাৰ কথা পোহৰলৈ আহে ৷ গাঁওখনৰ চৰকাৰী গাঁওবুঢ়া আব্দুল কাছেমে উল্লেখ কৰে যে, ব্যক্তি দুয়োগৰাকী বৰ্তমান দিল্লীতে আছে আৰু তেওঁলোকৰ সবিশেষ তথ্য অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু প্ৰসাশনক অৱগত কৰা হৈছে ৷

ৰঙাপাৰাত বহিঃৰাজ্যৰ পৰা অহা ৮ গৰাকী যুৱকক আছুতীয়া শিবিৰত ৰখাৰ ব্যৱস্থা

তাৰোপৰি আব্দুল বাৰেকৰ পুত্ৰ ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, যোৱা ১৮ মাৰ্চত ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ ৰে'লৰে তেওঁলোকে দিল্লীৰ নিজামুদ্দিন অঞ্চলত অনুষ্ঠিত ধৰ্মীয় সমাবেশত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে যাত্ৰা কৰিছিল ৷ সমগ্ৰ দেশতে হোৱা লক ডাউনৰ বাবে তেওঁলোক দিল্লীত আবদ্ধ হৈ থকাৰ লগতে বৰ্তমানলৈকে তেওঁলোক সুস্থ বুলি সদৰি কৰে ৷ ইয়াৰোপৰি গাঁওখনৰ বহু যুৱক বহিঃৰাজ্যত কৰ্মস্থাপনৰ বাবে গৈছিল যদিও কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ভয়ত স্ব-গৃহলৈ উভতি অহা ৮ গৰাকী যুৱকক গাঁওবাসীয়ে প্ৰথম অৱস্থাৰ পৰাই গাভৰু নৈৰ পাৰত অস্থায়ী শিবিৰত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে ৷ য'ত নিতৌ ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎলক ডাঃ ডিলিৰাম অধিকাৰী আৰু আশাকৰ্মী সকলে নিয়মীয়াভৱে স্বাস্থ্য পৰীক্ষা চলাই আছে ৷

লহতে পঢ়কঃ অৰুণাচললৈ কাৰ্গো বিমানেৰে চিকিৎসা সামগ্ৰী প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.