ETV Bharat / state

Doctors over 80 years of age honoured: ৫০ বছৰে চিকিৎসা সেৱা প্ৰদান কৰা ৮০ উৰ্দ্ধৰ ব্যক্তিসকল

author img

By

Published : Jul 12, 2022, 12:42 PM IST

felicitation to doctors above 80 years in tezpur
৫০ বছৰে চিকিৎসা সেৱা প্ৰদান কৰা ৮০ বছৰৰ উৰ্দ্ধৰ চিকিৎসকক সম্বৰ্ধনা

তেজপুৰ ৰতাৰী ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ । ৫০ বছৰে সমাজলৈ চিকিৎসা সেৱা আগবঢ়োৱা আশীৰোৰ্দ্ধৰ চিকিৎসকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৰতাৰী ক্লাৱে(Doctors over 80 years of age honoured) । প্ৰায় ১৬ গৰাকী চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৰতাৰী ক্লাৱৰ বিশেষ অনুষ্ঠানটোত ।

তেজপুৰ,১২ জুলাই: বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তেজপুৰ ৰতাৰী ক্লাৱে সোমবাৰে আয়োজন কৰে এক ব্য়তিক্ৰমী অনুষ্ঠানৰ(Rotary Club organized an exceptional event) । এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰায় ৫০ বছৰে সমাজত মানুহৰ কল্যানৰ বাবে সেৱা আগবঢ়াই অহা ৮০ বছৰৰো উৰ্দ্ধৰ কেইবাগৰাকীও চিকিৎসকক(Doctors over 80 years of age honoured) । জানিব পৰা মতে প্ৰতিবছৰে ৰতাৰী ক্লাৱে সমাজৰ প্ৰথম শ্ৰেনীৰ সেনানী চিকিৎসক সকলক তেওঁলোকে সমাজৰ বাবে আগবঢ়াই যোৱা মানৱ সেৱাৰ বাবে এক বিশেষ সন্মান প্ৰদান কৰি আহিছে ।

৫০ বছৰে চিকিৎসা সেৱা প্ৰদান কৰা ৮০ বছৰৰ উৰ্দ্ধৰ চিকিৎসকক সম্বৰ্ধনা

বিগত সময়ৰ দৰে এইবাৰো প্ৰায় ১৬ গৰাকী চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰে ক্লাৱে । তেজপুৰত স্বনামধন্য চিকিৎসক Dr লক্ষ্মী গোস্বামী, বিশ্ব ৰঞ্জন কলিতা সুৰেন গগৈ, হেমেন বৰা, পি কে শৰ্মাকে আদি কৰি আটাইকেইগৰাকী চিকিৎসকে এই সন্মান লাভ কৰি অত্যন্ত সুখী হোৱা দেখা যায় ।

উল্লেখ্য যে এইসকল চিকিৎসকে সামান্য় পাৰিতোষিকতে সমাজলৈ আগবঢ়াই আহিছে সেৱা । তেজপুৰ চানমাৰীৰ নিবাসী সাহিত্যিক দণ্ডীনাথ কলিতাৰ পুত্ৰ বিশ্ব ৰঞ্জন কলিতাই মাত্ৰ ২০ টকাৰ বিনিময়ত ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে । ঠিক সেইদৰে তেজপুৰ চহৰৰ বহু কেইগৰাকী জ্যেষ্ঠ চিকিৎসকে অজিও নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে । ৰতাৰী ক্লাৱৰ সভাপতি মুকুল বথৰা আৰু সম্পাদক ৰাতনাডল শৰ্মাৰ উপস্থিতিত সন্মানীয় প্ৰতিগৰাকী চিকিৎসকক একোখন মানপত্ৰ, ৰতাৰী চিহ্ন আৰু এখন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: Protest in Dhemaji: ধেমাজিত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.