ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 2:32 PM IST

defence minister rajnath singh arrives in tezpur
তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Defence Minister Rajnath Singh arrives in Tezpur: তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত অনুষ্ঠানত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ সমাৱৰ্তন অনুষ্ঠানতে 1,335 জনৰো অধিক অধিক ছাত্ৰ-ছাত্ৰী ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰিব বিশ্ববিদ্যালয়খনে ৷

তেজপুৰ, 31 ডিচেম্বৰ : দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত অনুষ্ঠিত হৈছে ৷ উক্ত অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ লগতে উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ এই সমাৱৰ্তন অনুষ্ঠানতে 1,335 জনৰো অধিক অধিক ছাত্ৰ-ছাত্ৰী ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰিব বিশ্ববিদ্যালয়খনে ৷

সমাৱৰ্তন অনুষ্ঠানতে 783 জনক স্নাতকোত্তৰ (পি জি) ডিগ্ৰী, 428 জনক স্নাতক (ইউ জি) ডিগ্ৰী, 5 জনক পি জি ডিপ্ল’মা, 100 জনতকৈ অধিকক পি এইচ ডি ডিগ্ৰী আৰু 23 গৰাকীক দূৰ আৰু অনলাইন শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰা হ’ব ৷ বিশ্ববিদ্যালয়ত উপস্থিত হৈ উপাচাৰ্যৰ বাসভৱনত তেজপুৰ গজৰাজ কৰ্পছৰ সেনা বাহিনীৰ মুৰব্বী বিষয়াসকলৰ লগতো এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বায়ুসেনাৰ বিমানৰে আহি তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণ কৰাৰ পিচত শালনিবাৰীস্থ বিমান ঘাটিৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ইফালে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলকো সাক্ষাৎ কৰে ৷

শৈক্ষিক কাৰ্যক্ৰমণিকাৰ ওপৰিও বিশ্ববিদ্যালয়খনে ভাৰতীয় সেনাৰ জোৱানসকলক চীনা ভাষাত প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰতো জড়িত ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত ভাৰতীয় সেনাৰ 4 কৰ্পছৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল বিশ্ববিদ্যালয়খনে ৷ এই চুক্তিৰ দ্বাৰা সেনা জোৱানসকলক চীনা ভাষাৰ মৌলিক পাঠ্যক্ৰম প্ৰদান কৰি চাৰিটা প্ৰয়োজনীয় ভাষা দক্ষতা বিকাশৰ বাবে অৰ্থাৎ শুনা, কোৱা, পঢ়া আৰু লিখাৰ মধ্যম স্তৰৰ বিষয়ে আলোচনা কৰিব ।

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.